Bengaluru
Credit: T. R. Shankar Raman via WikiCommons/ CC-BY-SA-4.0

চিৰিয়াখানা বা অৰণ্য এখনত প্ৰৱেশ কৰাৰ লগে লগে দেখা পোৱা অসংখ্য পহুয়ে আমাৰ মনলৈ এক ধাৰণা আনে যে গোটেই পৃথিৱীত ইহঁতৰ সংখ্যা নিশ্চয় অজস্ৰ হ’ব। কিন্তু বনাঞ্চল  ধ্বংস কৰণ আৰু বৰ্ধিত চিকাৰৰ ফলত ইহঁতৰ সংখ্যা কমি আহিছে। ভাৰতীয় খটীয়া পহু, বন্যপ্ৰাণী (সুৰক্ষা) আইন ১৯৭২ ৰ অধীনত সুৰক্ষীত এক বিপন্ন প্ৰাণী। এছিয়াৰ বহু ঠাইত বাস কৰা এই সৰু জাতৰ পহু বিধৰ বৈজ্ঞানিক নাম হৈছে এক্সিচ প’ৰচাইনাছ। ভাৰতীয় বন্যজীৱ সংস্থান, ডেৰাডুনৰ গৱেষক সকলে কৰা এক শেহতীয়া অধ্যয়নত উত্তৰ পূৰ্বাঞ্চলত খটীয়া পহুৰ এক উপ-প্ৰজাতিৰ সম্ভেদ পাইছে, যাক আগতে কেৱল দক্ষিণ পূব এছিয়াতেই সীমাবদ্ধ হৈ থকা বুলি ভৱা হৈছিল।

খটীয়া পহুৰ দুটা উপ-প্ৰজাতি আগৰ পৰাই পৰিচিত। এক্সিচ প’ৰচাইনাছ প’ৰচাইনাছ বা পশ্চিমীয়া জাতিটো পাকিস্থানৰ কিছু অংশ, নেপাল আৰু ম্যানমাৰলৈকে বিয়পি থকা হিমালয়ৰ নামনি অংশত দেখা যায়। আনটো উপ-প্ৰজাতি এক্সিচ প’ৰচাইনাছ আন্নামাইটিকাচ বা পূৰ্বীয় জাতিটো থাইলেণ্ড, ইণ্ডো-চীনা, লাওছ, কম্বোডিয়া আৰু ভিয়েটনামৰ বিভিন্ন অংশত পোৱা যায় আৰু ভাৰতত ইহঁতৰ বসতিৰ বিষয়ে ভালকৈ জনা হোৱা নাই।

এই অধ্যয়নত গৱেষক সকলে মণিপুৰৰ কেইবুল লামজাও ৰাষ্ট্ৰীয় উদ্যানৰ পৰা এক্সিচ পৰচাইনাছ আন্নামাইটিকাচ নামৰ উপ-প্ৰজাতিটো আবিষ্কাৰ কৰে। ভাৰত চৰকাৰৰ বিজ্ঞান আৰু অভিযান্ত্ৰিক অনুসন্ধান বোৰ্ড-বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগ, ভাৰতীয় বন্যপ্ৰাণী সংস্থান আৰু পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ দ্বাৰা সমৰ্থিত এই অধ্যয়নটোৰ ফলাফল সমূহ চাইন টিফিক ৰিপোৰ্টচ  নামৰ পত্ৰিকা এখনত প্ৰকাশিত হৈছে। এই অধ্যয়নে প্ৰমাণ কৰে যে পূৰ্বীয় জাতিৰ এই পহু সমূহ মণিপুৰলৈকে বিয়পি আছে, পূৰ্বতে ইহঁতক কেৱল থাইলেণ্ডলৈকে বিয়পি থকা বুলি ভৱা হৈছিল।

অধ্যয়নটোৰ বাবে গৱেষক সকলে ভাৰতৰ বিভিন্ন ঠাই যেনে উত্তৰাখণ্ড, পঞ্জাৱ, উত্তৰ প্ৰদেশ, অসম আৰু মণিপুৰৰ পৰা খটীয়া পহুৰ সৰি পৰা শিং, বিষ্ঠা, আৰু দেহৰ অৱশেষ সংগ্ৰহ কৰিছিল। এই নমুনা সমূহৰ পৰা সংগ্ৰহ কৰা ডিএনএ ৰ সহায়ত তেওঁলোকে অধ্যয়ন আৰম্ভ কৰিছিল। জিনীয় তথ্যৰ ভিত্তিত খটীয়া পহুৰ আবাদীক দুটা ভাগত বিভক্ত কৰা হৈছিল, য’ত মণিপুৰৰ পৰা সংগৃহীত নমুনা সমূহ এটা ভাগত আৰু বাকী সকলো নমুনা আনটো ভাগত অন্তৰ্ভূক্ত হোৱা দেখা গৈছিল। জিনীয় লক্ষণ সমূহ পৰীক্ষা কৰি গৱেষক সকল এই সিদ্ধান্তত উপনীত হৈছিল যে মণিপুৰত পোৱা খটীয়া পহুৰ এই সৰু আবাদীটো পূৰ্বীয় গোটৰ এ. পি. আন্নামাইটিকাচ  নামৰ উপ-প্ৰজাতিৰ অন্তৰ্ভুক্ত।

অধ্যয়নত এই কথাও পোহৰলৈ আহিছিল যে মাত্ৰ এশ মান সদস্য থকা এই আবাদীটোৰ জিনীয় বৈচিত্ৰ অতি সীমিত আৰু ইহঁতৰ বিলুপ্ত হোৱাৰ সম্ভাৱনা বেছি।

এই অধ্যয়নটোৰ মুখ্য গৱেষক আৰু ভাৰতীয় বন্যপ্ৰাণী সংস্থানৰ বৈজ্ঞানিক ডঃ এচ কে গুপ্তাই কয়, “মণিপুৰৰ পূৰ্বীয় খটীয়া পহু সমূহৰ সংৰক্ষণৰ বাবে সঠিক ব্যৱস্থাপনা কৰাটো অতি প্ৰয়োজন”। তেওঁ সকীয়াই দিয়ে যে সময়মূলক ব্যৱস্থা ন’ললে বাসস্থান ধ্বংসৰ ফলত ইহঁত বিলুপ্ত হৈ যাব পাৰে।

গৱেষক সকলে আৰু বিশ্বাস কৰে ইহঁতৰ বিবৰ্তনীয় আৰু পৰিবেশগত তাৎপৰ্যৰ বাবে এই পূৰ্বীয় উপ-প্ৰজাতিটো সংৰক্ষণ কৰাটো অতি গুৰুত্বপূৰ্ণ। ইহঁতে ইতিমধ্যেই আন দেশসমূহত নিজৰ বাসস্থান হেৰুৱাইছে।

শেহতীয়াকৈ বৰ্ণিত হোৱা খটীয়া পহুৰ এই আবাদীৰ সংৰক্ষণৰ উপায়ৰ বিষয়ে বৰ্ণনা কৰি ডঃ গুপ্তাই কয় যে, “বেলেগ বেলেগ জিনীয় বৈচিত্ৰ যুক্ত নিৰ্বাচিত খটীয়া পহুৰ আবদ্ধ প্ৰজননৰ ব্যৱস্থা কৰি আনুবংশীক ভিন্নতা থকা পোৱালীৰ জন্ম দিব পৰা যায়”।

Assamese

Recent Stories

Authored by
Research Matters
মানুহৰ দেহলৈ বিয়পিব পৰা ফিলোভাইৰাছ কঢ়িয়াই উত্তৰ পূৰ্বাঞ্চলৰ কিছুমান বাদুলিৰ প্ৰজাতিয়ে

প্ৰতি বছৰে অক্টোবৰ মাহৰ মাজ ভাগত নাগালেণ্ডৰ ব’মৰ (Bomrr) নামৰ  জাতি এটাৰ লোক সকল মিমি গাওঁত থকা গুহা সমূহত একত্ৰিত হয়। বছৰেকীয়া এই বাদুলি চিকাৰৰ উৎসৱত প্ৰায় ৭০০০ ৰ পৰা ২৫০০০ টা বাদুলি হত্যা কৰা হয়। এই জাতিটোৰ লোক সকলে বিশ্বাস কৰে যে এই বাদুলিসমূহৰ কিছুমান ঔষধিক গুণ আছে যিয়ে ডায়েৰীয়া, দেহৰ বিষ ইত্যাদি নিৰ্মূল কৰিব পাৰে আৰু শক্তি বৃদ্ধি কৰে। কিন্তু এক শেহতীয়া অধ্যয়নৰ মতে ৰোগৰ উপশমত সহায় কৰাৰ সলনি বাদুলি সমূহে ভয়ানক ফিলোভাইৰাছহে কঢ়িয়াই যিবোৰ মানুহৰ দেহলৈকো সংক্ৰমিত হ’ব পাৰে।

Authored by
Research Matters
উচ্চ ৰক্তচাপ আৰু বায়ু প্ৰদূষণৰ লগত ইয়াৰ সম্পৰ্ক

আপুনি জানেনে যে পৃথিৱীত মানুহৰ মৃত্যুৰ মুখ্য কাৰণ যুদ্ধ বা দুৰ্ভিক্ষ নহয়, হৃদৰোগ সমূহহে। এই ঘাটক সমূহৰ কাৰক বোৰৰ বিষয়ে এতিয়াও সম্পূৰ্ণকৈ জনা হোৱা নাই। গৱেষক সকলৰ মতে ইয়াৰ কাৰণ সমূহ হৈছে জিনীয় কাৰক, জীৱন শৈলীৰ পৰিবৰ্তন, খাদ্য, আৰু পাৰিবেশিক কাৰণ যেনে বায়ু প্ৰদূষণ ইত্যাদি। যোৱা কিছু বছৰত উচ্চ ৰক্তচাপ আদি  হৃদৰোগৰ কাৰকৰ ভূক্তভোগীৰ সংখ্যা বাঢ়িছে। দুখীয়া আৰু মধ্যবিত্ত দেশৰ লোক সমূহে ইয়াৰ ফলত বেছি কষ্ট ভোগ কৰিবলগীয়া হৈছে। ২০১৫ চনত উচ্চ ৰক্তচাপত ভূগি থকা ১.১ বিলিয়ন প্ৰাপ্ত বয়স্ক লোকৰ প্ৰায় ৪৪% দক্ষিণ আৰু পূৱ এছিয়াৰ আৰু ১৮% ভাৰতৰ বাসিন্দা আছিল।

Authored by
Research Matters
ভাৰতত ভয়াবহ ৰূপ ধাৰণ কৰিছে এন্টিবায়’টিক প্ৰতিৰোধৰ সমস্যাই

বেক্টেৰিয়াৰ আক্ৰমণ প্ৰতিহত কৰিবলৈ ব্যৱহৃত হোৱা এন্টিবায়’টিক  সমূহে ১৯২৮ চনত ইয়াৰ প্ৰথম আৱিস্কাৰৰ পাছৰে পৰা বেক্টেৰিয়াজনিত ৰোগৰ চিকিৎসাত উল্লেখযোগ্য অৱদান আগবঢ়াই আহিছে। কিন্তু বৰ্তমান সময়ত এই এন্টিবায়’টিক সমূহৰ ক্ৰিয়াক প্ৰতিৰোধ কৰাৰ ক্ষমতা থকা কিছুমান বেক্টেৰিয়া এক ডাঙৰ সমস্যা হৈ পৰিছে। এন্টিবায়’টিক প্ৰতিৰোধী এই বেক্টেৰিয়া সমূহৰ চিকিৎসা দীঘলীয়া আৰু খৰছী হোৱাৰ উপৰিও ইয়াৰ ফলত বহু লোক মৃত্যু মুখত পৰে। এন্টিবায়’টিক প্ৰতিৰোধৰ বাবে ২০৫০ চনৰ ভিতৰত বিশ্বত বছৰি প্ৰায় ১০ মিলিয়ন লোকৰ মৃত্যু হ’ব পাৰে বুলি অনুমান কৰা হৈছে। এন্টিবায়’টিকৰ অসাৱধান আৰু অত্যাধিক ব্যৱহাৰৰ ফলত

Authored by
Research Matters
Lockeia gigantus trace fossils found from Fort Member. Credit: Authors

ಜೈ ನಾರಾಯಣ್ ವ್ಯಾಸ್ ವಿಶ್ವವಿದ್ಯಾಲಯದ ಸಂಶೋಧಕರು ಜೈಸಲ್ಮೇರ್ ನಗರದ ಬಳಿಯ ಜೈಸಲ್ಮೇರ್ ರಚನೆಯಲ್ಲಿ ಲಾಕಿಯಾ ಜೈಗ್ಯಾಂಟಸ್ ಪಳೆಯುಳಿಕೆಗಳನ್ನು ಕಂಡುಹಿಡಿದಿದ್ದಾರೆ. ಇದು ಭಾರತದಿಂದ ಇಂತಹ ಪಳೆಯುಳಿಕೆಗಳ ಮೊದಲ ದಾಖಲೆ ಮಾತ್ರವಲ್ಲ, ಇದುವರೆಗೆ ಪತ್ತೆಯಾದ ಅತಿದೊಡ್ಡ ಲಾಕಿಯಾ ಕುರುಹುಗಳು.

Authored by
Research Matters
ಇಂಡೋ-ಬರ್ಮೀಸ್ ಪ್ಯಾಂಗೊಲಿನ್ (ಮನಿಸ್ ಇಂಡೋಬರ್ಮಾನಿಕಾ). ಕೃಪೆ: ವಾಂಗ್ಮೋ, ಎಲ್.ಕೆ., ಘೋಷ್, ಎ., ಡೋಲ್ಕರ್, ಎಸ್. ಮತ್ತು ಇತರರು.

ಕಳ್ಳತನದಿಂದ ಸಾಗಾಟವಾಗುತ್ತಿದ್ದ ಹಲವು ಪ್ರಾಣಿಗಳ ನಡುವೆ ಪ್ಯಾಂಗೋಲಿನ್ ನ ಹೊಸ ಪ್ರಭೇದವನ್ನು ಪತ್ತೆ ಮಾಡಲಾಗಿದೆ.

Authored by
Research Matters
ಸ್ಪರ್ಶರಹಿತ ಬೆರಳಚ್ಚು ಸಂವೇದಕದ ಪ್ರಾತಿನಿಧಿಕ ಚಿತ್ರ

ಸಾಧಾರಣವಾಗಿ, ಫೋನ್ ಅನ್ನು ಅನ್ಲಾಕ್ ಮಾಡುವಾಗ ಅಥವಾ ಕಛೇರಿಯಲ್ಲಿ ಬಯೋಮೆಟ್ರಿಕ್ ಸ್ಕ್ಯಾನರುಗಳನ್ನು ಬಳಸುವಾಗ, ನಿಮ್ಮ ಬೆರಳನ್ನು ಸ್ಕ್ಯಾನರಿನ ಮೇಲ್ಮೈಗೆ ಒತ್ತ ಬೇಕಾಗುತ್ತದೆ. ಬೆರಳಚ್ಚುಗಳನ್ನು ಸೆರೆಹಿಡಿಯುವುದು ಹೀಗೆ. ಆದರೆ, ಹೊಸ ಸಂಶೋಧನೆಯೊಂದು ಈ ಪ್ರಕ್ರಿಯೆಯನ್ನು ಇನ್ನಷ್ಟು ಸ್ವಚ್ಛ, ಸುಲಭ ಮತ್ತು ಹೆಚ್ಚು ನಿಖರವಾಗಿಸುವ ವಿಧಾನವನ್ನು ರೂಪಿಸಿದೆ. ಸಾಧನವನ್ನು ಮುಟ್ಟದೆಯೇ ಬೆರಳಚ್ಚನ್ನು ಸಂಗ್ರಹಿಸುವ ಮಾರ್ಗವನ್ನು ಹುಡುಕಿದೆ.

Authored by
Research Matters
ಮೈಕ್ರೋಸಾಫ್ಟ್ ಡಿಸೈನರ್ ನ ಇಮೇಜ್ ಕ್ರಿಯೇಟರ್ ಬಳಸಿ ಚಿತ್ರ ರಚಿಸಲಾಗಿದೆ

ಐಐಟಿ ಬಾಂಬೆಯ ಸಂಶೋಧಕರು ಶಾಕ್‌ವೇವ್-ಆಧಾರಿತ ಸೂಜಿ-ಮುಕ್ತ ಸಿರಿಂಜ್ ಅನ್ನು ಅಭಿವೃದ್ಧಿಪಡಿಸಿದ್ದಾರೆ. ಈ ಮೂಲಕ ಸೂಜಿಗಳಿಲ್ಲದೆ ಔಷಧಿಗಳನ್ನು ಪೂರೈಸುವ ಮಾರ್ಗವನ್ನು ಕಂಡುಹಿಡಿದಿದ್ದಾರೆ.

Authored by
Research Matters
ಅತ್ಯಂತ ಪ್ರಾಚೀನ ವಸ್ತುವಿನ ಅಧ್ಯಯನ

ಹಯಾಬುಸಾ ಎಂದರೆ ವೇಗವಾಗಿ ಚಲಿಸುವ ಜಪಾನೀ ಬೈಕ್ ನೆನಪಿಗೆ ತಕ್ಷಣ ಬರುವುದು ಅಲ್ಲವೇ? ಆದರೆ ಜಪಾನಿನ ಬಾಹ್ಯಾಕಾಶ ಸಂಸ್ಥೆ - (ಜಾಕ್ಸ, JAXA) ತನ್ನ ಒಂದು ನೌಕೆಯ ಹೆಸರು ಹಯಾಬುಸಾ 2 ಎಂದು ಇಟ್ಟಿದ್ದಾರೆ. ಈ ನೌಕೆಯನ್ನು ಜಪಾನಿನ ಬಾಹ್ಯಾಕಾಶ ಸಂಸ್ಥೆ ಸೌರವ್ಯೂಹದಾದ್ಯಂತ ಸಂಚರಿಸಿ ರುಯ್ಗು (Ryugu) ಕ್ಷುದ್ರಗ್ರಹವನ್ನು ಸಂಪರ್ಕ ಸಾಧಿಸುವ ಉದ್ದೇಶದಿಂದ  ಡಿಸೆಂಬರ್ 2014 ರಲ್ಲಿ ಉಡಾವಣೆ ಮಾಡಿತ್ತು. ಇದು ಸುಮಾರು ಮೂವತ್ತು ಕೋಟಿ (300 ಮಿಲಿಯನ್) ಕಿಲೋಮೀಟರ್ ದೂರ ಪ್ರಯಾಣಿಸಿ 2018 ರಲ್ಲಿ ರುಯ್ಗು ಕ್ಷುದ್ರಗ್ರಹವನ್ನು ಸ್ಪರ್ಶಿಸಿತ್ತು. ಅಲ್ಲಿಯೇ ಕೆಲ ತಿಂಗಳು ಇದ್ದು ಮಾಹಿತಿ ಮತ್ತು ವಸ್ತು ಸಂಗ್ರಹಣೆ ಮಾಡಿ, 2020 ಯಲ್ಲಿ ಯಶಸ್ವಿಯಾಗಿ ಹಿಂತಿರುಗಿತ್ತು.

Authored by
Research Matters
ಕಾಂಕ್ರೀಟ್‌ ಪರೀಕ್ಷೆಗೆ ಪ್ರೋಬ್‌

ಕಾಂಕ್ರೀಟ್‌ನಲ್ಲಿ ಹುದುಗಿರುವ ರೆಬಾರ್‌ಗಳಲ್ಲಿನ ತುಕ್ಕು ಪ್ರಮಾಣವನ್ನು ಮಾಪಿಸಲು ವಿಜ್ಞಾನಿಗಳು ಒಂದು ಹೊಸ ತಪಾಸಕವನ್ನು ಅಭಿವೃದ್ಧಿಪಡಿಸಿದ್ದಾರೆ.

Authored by
Research Matters
‘ದ್ವಿಪಾತ್ರ’ದಲ್ಲಿ ಮೈಕ್ರೋ ಆರ್‌ಎನ್‌ಎ

ವೈರಲ್ ಸೋಂಕುಗಳು ಮತ್ತು ಸ್ವಯಂ ನಿರೋಧಕ ಕಾಯಿಲೆಗಳಲ್ಲಿ ಮೈಕ್ರೋ ಆರ್‌ಎನ್‌ಎ ‘ದ್ವಿಪಾತ್ರ’ದಲ್ಲಿ ಕೆಲಸ ಮಾಡುತ್ತದೆ. 

Authored by
Research Matters
ರೀಚಾರ್ಜ್ ಮಾಡಬಹುದಾದ ಬ್ಯಾಟರಿಗಳು

ಐಐಟಿ ಬಾಂಬೆ ಯ ಬ್ಯಾಟರಿ ಪ್ರೋಟೋಟೈಪಿಂಗ್ ಲ್ಯಾಬ್ ನ ಸಂಶೋಧಕರು ಇಂಧನ (ಶಕ್ತಿ) ಶೇಖರಣಾ ಸಾಧನವಾಗಿರುವ ರೀಚಾರ್ಜ್ ಮಾಡಬಹುದಾದ ಬ್ಯಾಟರಿಗಳ ಬಗ್ಗೆ ಅಧ್ಯಯನ ನಡೆಸುತ್ತಿದ್ದಾರೆ. 

Loading content ...
Loading content ...
Loading content ...
Loading content ...
Loading content ...