বেঙ্গালুৰু
মানুহৰ দেহলৈ বিয়পিব পৰা ফিলোভাইৰাছ কঢ়িয়াই উত্তৰ পূৰ্বাঞ্চলৰ কিছুমান বাদুলিৰ প্ৰজাতিয়ে

প্ৰতি বছৰে অক্টোবৰ মাহৰ মাজ ভাগত নাগালেণ্ডৰ ব’মৰ (Bomrr) নামৰ  জাতি এটাৰ লোক সকল মিমি গাওঁত থকা গুহা সমূহত একত্ৰিত হয়। বছৰেকীয়া এই বাদুলি চিকাৰৰ উৎসৱত প্ৰায় ৭০০০ ৰ পৰা ২৫০০০ টা বাদুলি হত্যা কৰা হয়। এই জাতিটোৰ লোক সকলে বিশ্বাস কৰে যে এই বাদুলিসমূহৰ কিছুমান ঔষধিক গুণ আছে যিয়ে ডায়েৰীয়া, দেহৰ বিষ ইত্যাদি নিৰ্মূল কৰিব পাৰে আৰু শক্তি বৃদ্ধি কৰে। কিন্তু এক শেহতীয়া অধ্যয়নৰ মতে ৰোগৰ উপশমত সহায় কৰাৰ সলনি বাদুলি সমূহে ভয়ানক ফিলোভাইৰাছহে কঢ়িয়াই যিবোৰ মানুহৰ দেহলৈকো সংক্ৰমিত হ’ব পাৰে।

ফিলোভাইৰাছ সমূহ ভাইৰাছৰ এটা দল যিয়ে মানুহ আৰু অন্যান্য বহু  স্তন্যপায়ী প্ৰাণীৰ দেহত ৰোগৰ সৃষ্টি কৰিব পাৰে। কিছুমান কুখ্যাত ফিলোভাইৰাছ যেনে ইবোলা আৰু মাৰবাৰ্গ ভাইৰাছ আদিয়ে বিশ্বত প্ৰাণঘাটক মহামাৰী বিয়পায়। বিশ্বৰ বিভিন্ন প্ৰান্তত থকা বাদুলি সমূহে এই ফিলোভাইৰাছ সমূহৰ বাহক হিচাপে কাম কৰে। চিকাৰ আৰু খনন কাৰ্য্য ইত্যাদি প্ৰক্ৰিয়া সমূহে মানুহক বাদুলিৰ সংস্পৰ্শলৈ আনে আৰু এই ভাইৰাছ সমূহৰ সংক্ৰমণৰ সম্ভাৱনা বৃদ্ধি কৰে।

ডিউক- নেশ্যনেল ইউনিভাৰ্ছিটী অফ ছিংগাপুৰ মেডিকেল স্কুল, ছিংগাপুৰ, জীৱ বিজ্ঞানৰ ৰাষ্ট্ৰীয় কেন্দ্ৰ (এন চি বি এচ) বেঙ্গালুৰু আৰু আমেৰিকা আৰু চীনৰ গৱেষক দল এটাই কৰা এক সমূহীয়া অধ্যয়নত  গৱেষক সকলে কিছু বাদুলি আৰু চিকাৰত অংশগ্ৰহণ কৰা লোকৰ পৰা কিছুমান  এনেকুৱা এন্টিবডী ধৰা পেলাইছে যিবোৰে  ফিলোভাইৰাছৰ লগত ক্ৰিয়া কৰে। ভাৰত চৰকাৰৰ পাৰমাণৱিক শক্তি বিভাগৰ (ডি এ ই) দ্বাৰা আংশিকভাৱে সমৰ্থিত এই অধ্যয়নৰ ফলাফল সমূহ প্লছ নেগ্লেকটেড ট্ৰ’পিকেল ডিজিজেচ নামৰ পত্ৰিকা এখনত প্ৰকাশিত হৈছে।

“আমি জানো যে আন প্ৰাণীৰ পৰা মানুহলৈ বিয়পিব পৰা ভাইৰাছ পৰিবাহী বিলাকৰ ভিতৰত বাদুলি অন্যতম। এন চি বি এচত কাৰ্য্যৰত মোৰ সহযোগী পাইলট দোভিহে এই চিকাৰ কাৰ্য্যৰ কথা আমাক জনাইছিল আৰু ই এক অনন্য অধ্যয়নস্থলী”,  ৰিচাৰ্ছ মেটাৰ্চৰ লগত হোৱা এক সাক্ষাৎকাৰত এই অধ্যয়নত ভাগ লোৱা  ডিউক- নেশ্যনেল ইউনিভাৰ্ছিটী অফ ছিংগাপুৰ মেডিকেল স্কুলৰ গৱেষক ডঃ ইয়ান মেণ্ডেনহালে জনায়। “বাদুলি আৰু মানুহ উভয়কে একেলগে অধ্যয়ন কৰাৰ সুবিধাৰ বাবে দুয়োটা দল একেই ফিলোভাইৰাছৰ সংস্পৰ্শলৈ আহিছে নেকি সেয়া জানিবলৈ সহজ হ’ল”, তেখেতে কয়।

বাদুলি চিকাৰৰ এই প্ৰক্ৰিয়াৰ সময়ত এই কাৰ্য্যত ভাগ লোৱা লোকসকল মূলতঃ বাদুলিৰ দুটা প্ৰজাতি ৰউজেটাচ লেস্কেনাউলটী  আৰু ইয়’নিক্টেৰিচ স্পেলিয়া ৰ লালটি, তেজ আৰু মলৰ সংস্পৰ্শলৈ আহে। গৱেষক সকলে এই দুটা প্ৰজাতিৰ বাদুলি আৰু এই চিকাৰ উৎসৱত ভাগ লোৱা ৮৫ জন লোকৰ তেজৰ নমুনা সংগ্ৰহ কৰিছিল। চিকাৰত ভাগ লোৱা লোক সকলৰ লিংগ, বয়স, পেছা আৰু কিমানবাৰ এই চিকাৰত ভাগ লৈছে ইত্যাদি তথ্যও সংগ্ৰহ কৰা হৈছিল।

বাদুলি আৰু মানুহৰ এই তেজৰ নমুনা সমূহ ফিলোভাইৰাছৰ লগত ক্ৰিয়া কৰা এন্টিবডীৰ উপস্থিতিৰ বিষয়ে জানিবলৈ অধ্যয়ন কৰা হৈছিল। এই কাৰ্য্যই পূৰ্বতে এই ভাইৰাছৰ সংস্পৰ্শলৈ অহাৰ বিষয়ে জনাত সহায় কৰে। অধ্যয়নত মানুহ আৰু বাদুলিৰ পাঁচটাকৈ এনেকুৱা নমুনা পোৱা গৈছিল য’ত ফিলোভাইৰাছৰ লগত ক্ৰিয়া কৰা এন্টিবডী উপস্থিত আছিল।

“লক্ষণীয় ভাৱে ফিলোভাইৰাছৰ প্ৰটিন সমূহৰ বিপক্ষে বাদুলিৰ এক প্ৰজাতিৰ প্ৰতিক্ৰিয়া পৰিলেখ মানুহৰ দৰে একে আছিল। বাদুলিৰ এই প্ৰজাতিবিধ মানুহলৈ সংক্ৰমণৰ উৎস হোৱাৰ সম্ভাৱনা আছে। এনেকুৱা অনুমান হয় যে এই অঞ্চলৰ বাদুলিসমূহৰ দেহত বহুবিধ ফিলোভাইৰাছ উপস্থিত আছে, কিন্ত এই বিলাক ৰোগ সৃষ্টিকাৰী হয় নে নহয় সেই বিষয়ে আমি জ্ঞাত নহয়”, ডঃ মেণ্ডেনহালে কয়। বাদুলিচিকাৰীৰ বেচি ভাগেই ১৮ ৰ পৰা ৫০ বছৰ বয়সৰ পুৰুষ আছিল আৰু চিকাৰত  ইতিমধ্যে কমেও এঘাৰ বাৰকৈ ভাগ লৈছিল।

দক্ষিণ পূব এছিয়া, চীন আদিত পূৰ্বতে হোৱা অধ্যয়নত উত্তৰ-পূব ভাৰতত চিকাৰ কৰা বাদুলিৰ এই প্ৰজাতি সমূহ ফিলোভাইৰাছৰ সংস্পৰ্শলৈ অহাৰ কথাতো স্পষ্ট হৈছিল। কিন্ত এই ভাইৰাছ সমূহৰ বৈচিত্ৰতা আৰু সংক্ৰমণৰ বিষয়ে আৰু অধিক জনাৰ প্ৰয়োজন আছে। “এই ভাইৰাছ বিধৰ বৈচিত্ৰতা অতি বেছি আৰু ইহঁতৰ বিষয়ে আমাৰ জ্ঞান সীমিত যেন লাগে । আমাৰ  গৱেষণাৰ ফলাফলে এই অঞ্চলত ফিলোভাইৰাছৰ বিষয়ে আৰু অধিক অধ্যয়নৰ প্ৰয়োজনীয়তাক সমৰ্থন কৰে”, তেখেতে জনায় ।

যদিও পূৰ্বতে উত্তৰ পূৰ্বাঞ্চলত ফিলোভাইৰাছৰ ব্যাপক সংক্ৰমণৰ কোনো প্ৰমাণ নাই, এই অধ্যয়নে প্ৰমাণ কৰে যে বাদুলি চিকাৰত ভাগ লোৱা লোকসকল এই ভাইৰাছৰ সংস্পৰ্শলৈ আহে।

“এই অঞ্চলত এক মহামাৰী হোৱাৰ সম্ভাৱনা আছে নে সেই বিষয়ে আমি নিশ্চিত নহয় কাৰণ এই ভাইৰাছ সমূহৰ বিষয়ে এতিয়ালৈকে ভালকৈ জনা হোৱা নাই”, ডঃ মেণ্ডেনহালে কয়।

গৱেষক সকলৰ মতে এতিয়ালৈকে এই ভাইৰাছ সমূহৰ পৰা কোনো মহামাৰী নোহোৱাৰ বিভিন্ন কাৰণ থাকিব পাৰে। ইহঁত মানুহৰ দেহলৈ সংক্ৰমিত হোৱাত পাৰিবেশিক বাধা থাকিব পাৰে, ইহঁত মানুহৰ দেহত বৃদ্ধি হোৱাত বিফল হ’ব পাৰে আৰু কোনো লক্ষণ নেদেখুৱাকৈয়ে মানুহৰ দেহত ইহঁতৰ বৃদ্ধি হৈ থাকিব পাৰে।

গৱেষক সকলে কয় যে এতিয়ালৈকে এই বিষয়ে শংকিত হোৱাৰ প্ৰয়োজনীয়তা আহি পৰা নাই, কিন্ত সজাগতাৰ প্ৰয়োজন আছে।

“আমাৰ অধ্যয়নে মানুহ আৰু অন্যান্য প্ৰাণী পৰস্পৰৰ সংস্পৰ্শলৈ অহা  আৰু ভাইৰাছৰ সংক্ৰমনৰ সম্ভাৱনা থকা ঠাইত অধিক গৱেষণাৰ গুৰুত্বৰ কথা প্ৰমাণ কৰিছে। আমাৰ অধ্যয়নৰ আন এক অংশ হৈছে পৰিবেশ তন্ত্ৰত  বাদুলিৰ প্ৰয়োজনীয়তা আৰু সাম্ভাব্য সংকটৰ বিষয়ে চিকাৰত ভাগ লোৱা লোক সকলৰ মাজত সজাগতাৰ সৃষ্টি কৰা। উত্তৰ পূৰ্বাঞ্চলত এই ভাইৰাছ সমূহৰ চিনাক্তকৰণ আৰু জনস্বাস্থ্যৰ প্ৰতি ইহঁতৰ ভাবুকিৰ বিষয়ে আমাৰ অধ্যয়ন চলাই আছোঁ,” ডঃ মেণ্ডেনহালে কয়। “পৰিবেশ তন্ত্ৰৰ কাৰণে বাদুলি অতি গুৰুত্বপূৰ্ণ কাৰণ ইহঁতে অপকাৰী কীট পতংগ খাই, পৰাগযোগত সহায় কৰে আৰু বীজৰ বিস্তাৰণত ভাগ লয়। এই অধ্যয়নৰ ফলাফল সমূহত শংকিত হৈ এই বাদুলিসমূহ ধংশ কৰিবলৈ অনুপ্ৰাণিত  কৰাটো উচিত নহব,” তেখেতে সামৰে।

Assamese

Recent Stories

Authored by
মানুহৰ দেহলৈ বিয়পিব পৰা ফিলোভাইৰাছ কঢ়িয়াই উত্তৰ পূৰ্বাঞ্চলৰ কিছুমান বাদুলিৰ প্ৰজাতিয়ে

প্ৰতি বছৰে অক্টোবৰ মাহৰ মাজ ভাগত নাগালেণ্ডৰ ব’মৰ (Bomrr) নামৰ  জাতি এটাৰ লোক সকল মিমি গাওঁত থকা গুহা সমূহত একত্ৰিত হয়। বছৰেকীয়া এই বাদুলি চিকাৰৰ উৎসৱত প্ৰায় ৭০০০ ৰ পৰা ২৫০০০ টা বাদুলি হত্যা কৰা হয়। এই জাতিটোৰ লোক সকলে বিশ্বাস কৰে যে এই বাদুলিসমূহৰ কিছুমান ঔষধিক গুণ আছে যিয়ে ডায়েৰীয়া, দেহৰ বিষ ইত্যাদি নিৰ্মূল কৰিব পাৰে আৰু শক্তি বৃদ্ধি কৰে। কিন্তু এক শেহতীয়া অধ্যয়নৰ মতে ৰোগৰ উপশমত সহায় কৰাৰ সলনি বাদুলি সমূহে ভয়ানক ফিলোভাইৰাছহে কঢ়িয়াই যিবোৰ মানুহৰ দেহলৈকো সংক্ৰমিত হ’ব পাৰে।

Authored by
উচ্চ ৰক্তচাপ আৰু বায়ু প্ৰদূষণৰ লগত ইয়াৰ সম্পৰ্ক

আপুনি জানেনে যে পৃথিৱীত মানুহৰ মৃত্যুৰ মুখ্য কাৰণ যুদ্ধ বা দুৰ্ভিক্ষ নহয়, হৃদৰোগ সমূহহে। এই ঘাটক সমূহৰ কাৰক বোৰৰ বিষয়ে এতিয়াও সম্পূৰ্ণকৈ জনা হোৱা নাই। গৱেষক সকলৰ মতে ইয়াৰ কাৰণ সমূহ হৈছে জিনীয় কাৰক, জীৱন শৈলীৰ পৰিবৰ্তন, খাদ্য, আৰু পাৰিবেশিক কাৰণ যেনে বায়ু প্ৰদূষণ ইত্যাদি। যোৱা কিছু বছৰত উচ্চ ৰক্তচাপ আদি  হৃদৰোগৰ কাৰকৰ ভূক্তভোগীৰ সংখ্যা বাঢ়িছে। দুখীয়া আৰু মধ্যবিত্ত দেশৰ লোক সমূহে ইয়াৰ ফলত বেছি কষ্ট ভোগ কৰিবলগীয়া হৈছে। ২০১৫ চনত উচ্চ ৰক্তচাপত ভূগি থকা ১.১ বিলিয়ন প্ৰাপ্ত বয়স্ক লোকৰ প্ৰায় ৪৪% দক্ষিণ আৰু পূৱ এছিয়াৰ আৰু ১৮% ভাৰতৰ বাসিন্দা আছিল।

Authored by
ভাৰতত ভয়াবহ ৰূপ ধাৰণ কৰিছে এন্টিবায়’টিক প্ৰতিৰোধৰ সমস্যাই

বেক্টেৰিয়াৰ আক্ৰমণ প্ৰতিহত কৰিবলৈ ব্যৱহৃত হোৱা এন্টিবায়’টিক  সমূহে ১৯২৮ চনত ইয়াৰ প্ৰথম আৱিস্কাৰৰ পাছৰে পৰা বেক্টেৰিয়াজনিত ৰোগৰ চিকিৎসাত উল্লেখযোগ্য অৱদান আগবঢ়াই আহিছে। কিন্তু বৰ্তমান সময়ত এই এন্টিবায়’টিক সমূহৰ ক্ৰিয়াক প্ৰতিৰোধ কৰাৰ ক্ষমতা থকা কিছুমান বেক্টেৰিয়া এক ডাঙৰ সমস্যা হৈ পৰিছে। এন্টিবায়’টিক প্ৰতিৰোধী এই বেক্টেৰিয়া সমূহৰ চিকিৎসা দীঘলীয়া আৰু খৰছী হোৱাৰ উপৰিও ইয়াৰ ফলত বহু লোক মৃত্যু মুখত পৰে। এন্টিবায়’টিক প্ৰতিৰোধৰ বাবে ২০৫০ চনৰ ভিতৰত বিশ্বত বছৰি প্ৰায় ১০ মিলিয়ন লোকৰ মৃত্যু হ’ব পাৰে বুলি অনুমান কৰা হৈছে। এন্টিবায়’টিকৰ অসাৱধান আৰু অত্যাধিক ব্যৱহাৰৰ ফলত

Authored by
Lockeia gigantus trace fossils found from Fort Member. Credit: Authors

ಜೈ ನಾರಾಯಣ್ ವ್ಯಾಸ್ ವಿಶ್ವವಿದ್ಯಾಲಯದ ಸಂಶೋಧಕರು ಜೈಸಲ್ಮೇರ್ ನಗರದ ಬಳಿಯ ಜೈಸಲ್ಮೇರ್ ರಚನೆಯಲ್ಲಿ ಲಾಕಿಯಾ ಜೈಗ್ಯಾಂಟಸ್ ಪಳೆಯುಳಿಕೆಗಳನ್ನು ಕಂಡುಹಿಡಿದಿದ್ದಾರೆ. ಇದು ಭಾರತದಿಂದ ಇಂತಹ ಪಳೆಯುಳಿಕೆಗಳ ಮೊದಲ ದಾಖಲೆ ಮಾತ್ರವಲ್ಲ, ಇದುವರೆಗೆ ಪತ್ತೆಯಾದ ಅತಿದೊಡ್ಡ ಲಾಕಿಯಾ ಕುರುಹುಗಳು.

Authored by
ಇಂಡೋ-ಬರ್ಮೀಸ್ ಪ್ಯಾಂಗೊಲಿನ್ (ಮನಿಸ್ ಇಂಡೋಬರ್ಮಾನಿಕಾ). ಕೃಪೆ: ವಾಂಗ್ಮೋ, ಎಲ್.ಕೆ., ಘೋಷ್, ಎ., ಡೋಲ್ಕರ್, ಎಸ್. ಮತ್ತು ಇತರರು.

ಕಳ್ಳತನದಿಂದ ಸಾಗಾಟವಾಗುತ್ತಿದ್ದ ಹಲವು ಪ್ರಾಣಿಗಳ ನಡುವೆ ಪ್ಯಾಂಗೋಲಿನ್ ನ ಹೊಸ ಪ್ರಭೇದವನ್ನು ಪತ್ತೆ ಮಾಡಲಾಗಿದೆ.

Authored by
ಸ್ಪರ್ಶರಹಿತ ಬೆರಳಚ್ಚು ಸಂವೇದಕದ ಪ್ರಾತಿನಿಧಿಕ ಚಿತ್ರ

ಸಾಧಾರಣವಾಗಿ, ಫೋನ್ ಅನ್ನು ಅನ್ಲಾಕ್ ಮಾಡುವಾಗ ಅಥವಾ ಕಛೇರಿಯಲ್ಲಿ ಬಯೋಮೆಟ್ರಿಕ್ ಸ್ಕ್ಯಾನರುಗಳನ್ನು ಬಳಸುವಾಗ, ನಿಮ್ಮ ಬೆರಳನ್ನು ಸ್ಕ್ಯಾನರಿನ ಮೇಲ್ಮೈಗೆ ಒತ್ತ ಬೇಕಾಗುತ್ತದೆ. ಬೆರಳಚ್ಚುಗಳನ್ನು ಸೆರೆಹಿಡಿಯುವುದು ಹೀಗೆ. ಆದರೆ, ಹೊಸ ಸಂಶೋಧನೆಯೊಂದು ಈ ಪ್ರಕ್ರಿಯೆಯನ್ನು ಇನ್ನಷ್ಟು ಸ್ವಚ್ಛ, ಸುಲಭ ಮತ್ತು ಹೆಚ್ಚು ನಿಖರವಾಗಿಸುವ ವಿಧಾನವನ್ನು ರೂಪಿಸಿದೆ. ಸಾಧನವನ್ನು ಮುಟ್ಟದೆಯೇ ಬೆರಳಚ್ಚನ್ನು ಸಂಗ್ರಹಿಸುವ ಮಾರ್ಗವನ್ನು ಹುಡುಕಿದೆ.

Authored by
ಮೈಕ್ರೋಸಾಫ್ಟ್ ಡಿಸೈನರ್ ನ ಇಮೇಜ್ ಕ್ರಿಯೇಟರ್ ಬಳಸಿ ಚಿತ್ರ ರಚಿಸಲಾಗಿದೆ

ಐಐಟಿ ಬಾಂಬೆಯ ಸಂಶೋಧಕರು ಶಾಕ್‌ವೇವ್-ಆಧಾರಿತ ಸೂಜಿ-ಮುಕ್ತ ಸಿರಿಂಜ್ ಅನ್ನು ಅಭಿವೃದ್ಧಿಪಡಿಸಿದ್ದಾರೆ. ಈ ಮೂಲಕ ಸೂಜಿಗಳಿಲ್ಲದೆ ಔಷಧಿಗಳನ್ನು ಪೂರೈಸುವ ಮಾರ್ಗವನ್ನು ಕಂಡುಹಿಡಿದಿದ್ದಾರೆ.

Authored by
ಅತ್ಯಂತ ಪ್ರಾಚೀನ ವಸ್ತುವಿನ ಅಧ್ಯಯನ

ಹಯಾಬುಸಾ ಎಂದರೆ ವೇಗವಾಗಿ ಚಲಿಸುವ ಜಪಾನೀ ಬೈಕ್ ನೆನಪಿಗೆ ತಕ್ಷಣ ಬರುವುದು ಅಲ್ಲವೇ? ಆದರೆ ಜಪಾನಿನ ಬಾಹ್ಯಾಕಾಶ ಸಂಸ್ಥೆ - (ಜಾಕ್ಸ, JAXA) ತನ್ನ ಒಂದು ನೌಕೆಯ ಹೆಸರು ಹಯಾಬುಸಾ 2 ಎಂದು ಇಟ್ಟಿದ್ದಾರೆ. ಈ ನೌಕೆಯನ್ನು ಜಪಾನಿನ ಬಾಹ್ಯಾಕಾಶ ಸಂಸ್ಥೆ ಸೌರವ್ಯೂಹದಾದ್ಯಂತ ಸಂಚರಿಸಿ ರುಯ್ಗು (Ryugu) ಕ್ಷುದ್ರಗ್ರಹವನ್ನು ಸಂಪರ್ಕ ಸಾಧಿಸುವ ಉದ್ದೇಶದಿಂದ  ಡಿಸೆಂಬರ್ 2014 ರಲ್ಲಿ ಉಡಾವಣೆ ಮಾಡಿತ್ತು. ಇದು ಸುಮಾರು ಮೂವತ್ತು ಕೋಟಿ (300 ಮಿಲಿಯನ್) ಕಿಲೋಮೀಟರ್ ದೂರ ಪ್ರಯಾಣಿಸಿ 2018 ರಲ್ಲಿ ರುಯ್ಗು ಕ್ಷುದ್ರಗ್ರಹವನ್ನು ಸ್ಪರ್ಶಿಸಿತ್ತು. ಅಲ್ಲಿಯೇ ಕೆಲ ತಿಂಗಳು ಇದ್ದು ಮಾಹಿತಿ ಮತ್ತು ವಸ್ತು ಸಂಗ್ರಹಣೆ ಮಾಡಿ, 2020 ಯಲ್ಲಿ ಯಶಸ್ವಿಯಾಗಿ ಹಿಂತಿರುಗಿತ್ತು.

Authored by
ಕಾಂಕ್ರೀಟ್‌ ಪರೀಕ್ಷೆಗೆ ಪ್ರೋಬ್‌

ಕಾಂಕ್ರೀಟ್‌ನಲ್ಲಿ ಹುದುಗಿರುವ ರೆಬಾರ್‌ಗಳಲ್ಲಿನ ತುಕ್ಕು ಪ್ರಮಾಣವನ್ನು ಮಾಪಿಸಲು ವಿಜ್ಞಾನಿಗಳು ಒಂದು ಹೊಸ ತಪಾಸಕವನ್ನು ಅಭಿವೃದ್ಧಿಪಡಿಸಿದ್ದಾರೆ.

Authored by
‘ದ್ವಿಪಾತ್ರ’ದಲ್ಲಿ ಮೈಕ್ರೋ ಆರ್‌ಎನ್‌ಎ

ವೈರಲ್ ಸೋಂಕುಗಳು ಮತ್ತು ಸ್ವಯಂ ನಿರೋಧಕ ಕಾಯಿಲೆಗಳಲ್ಲಿ ಮೈಕ್ರೋ ಆರ್‌ಎನ್‌ಎ ‘ದ್ವಿಪಾತ್ರ’ದಲ್ಲಿ ಕೆಲಸ ಮಾಡುತ್ತದೆ. 

Authored by
ರೀಚಾರ್ಜ್ ಮಾಡಬಹುದಾದ ಬ್ಯಾಟರಿಗಳು

ಐಐಟಿ ಬಾಂಬೆ ಯ ಬ್ಯಾಟರಿ ಪ್ರೋಟೋಟೈಪಿಂಗ್ ಲ್ಯಾಬ್ ನ ಸಂಶೋಧಕರು ಇಂಧನ (ಶಕ್ತಿ) ಶೇಖರಣಾ ಸಾಧನವಾಗಿರುವ ರೀಚಾರ್ಜ್ ಮಾಡಬಹುದಾದ ಬ್ಯಾಟರಿಗಳ ಬಗ್ಗೆ ಅಧ್ಯಯನ ನಡೆಸುತ್ತಿದ್ದಾರೆ. 

Loading content ...
Loading content ...
Loading content ...
Loading content ...
Loading content ...