Bengaluru

সন্ধিয়া পাঁচ বজাৰ ঘিটমিটীয়া অন্ধকাৰত কাৰ্য্য়ালয়ৰ কাম শেষ কৰি বাহিৰলৈ ওলোৱা নাইবা ৰাতিপুৱা চাৰে চাৰি বজাতে ওলোৱা ৰ’দ জাকে ভাঙি দিয়া টোপনিটো, এই কোনোটোৱেই আমাৰ বেছিভাগৰে বাবে এক প্ৰিয় অভিজ্ঞতা নহয়। কিন্তু উত্তৰ পূৰ্বাঞ্চলৰ বাসিন্দা হিচাপে ই আমাৰ বাবে এক এৰাব নোৱাৰা পৰিস্থিতি। ভাৰতবর্ষৰ বৰ্তমান মান সময়ে (আই এচ টি) আমাৰ বাবে বহু সমস্যাৰ সৃষ্টি কৰিছে কাৰণ আমাৰ ইয়াত সূৰ্যোদয় আৰু সূৰ্যাস্ত দুয়োটাই ন বজাৰ পৰা পাঁচ বজালৈ চলা আমাৰ কাৰ্যালয়ৰ সময়তকৈ বহু আগতেই হয়। যদিও উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য সমূহে বহু আগৰে পৰাই এক সুকীয়া সময় ক্ষেত্ৰৰ  (টাইম জ’ন) বাবে দাবী জনায় আহিছে, ই এতিয়ালৈ গ্ৰাহ্য হোৱা নাই; আনহাতে ২০১৭ চনত গুৱাহাটী উচ্চ ন্যায়ালয়ে এই দাবী সন্মিলিত এক ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন নাকচো কৰিছে।

নতুন দিল্লীত থকা ৰাষ্ট্ৰীয় ভৌতিক প্ৰয়োগশালাত (চি এচ আই আৰ - এন পি এল) হোৱা এক শেহতীয়া অধ্যয়নত গৱেষক সকলে ভাৰতত দুটা পৃথক টাইম জ’ন প্ৰচলন কৰাৰ সম্ভাৱনাৰ পৰীক্ষা কৰিছিল। তেওঁলোকে পশ্চিমবংগৰ পৰা পূৱত থকা ৰাজ্য সমূহৰ কাৰণে আই এচ টি -II নামৰ এক সুকীয়া টাইম জ’ন প্ৰস্তাৱ কৰিছে আৰু ইয়াক বাস্তৱায়িত কৰাৰ বাবে বিভিন্ন উপায়ৰ বিষয়ে পৰামৰ্শও আগবঢ়াইছে। ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যা বিভাগৰ দ্বাৰা সমৰ্থিত এই অধ্যয়নটো কাৰেণ্ট চাইন্স  নামৰ পত্ৰিকা এখনত প্ৰকাশিত হৈছে।

“এই ৰাজ্য সমূহত আই এচ টি II বাস্তৱায়িত কৰিলে ইয়াৰ বাসিন্দা সমূহৰ কাৰ্য্যালয়ৰ কৰ্মসময় আৰু তেওঁলোকৰ দৈহিক (বায়’লজিকেল) ঘড়ীৰ সময়ৰ ভাৰসাম্য ৰক্ষা হব, লগতে যথেষ্ট পৰিমানৰ শক্তিৰো ৰাহি হব”, গৱেষক সকলে জনায়।

গোটেই পৃথিৱী খন ২৪ টা টাইম জ’নত বিভক্ত হৈ আছে আৰু প্ৰত্যেকেই ১৫ ডিগ্ৰী দ্ৰাঘিমাগত প্ৰস্থলৈ বিয়পি আছে। আমি যিমানে পূবলৈ যাওঁ, প্ৰত্যেক জ’নত এক ঘন্টা কৈ যোগ হৈ গৈ থাকে। বহু দেশ বিভিন্ন টাইম জ’নলৈ বিস্তৃত হৈ থাকে, যেনে আমেৰিকা য’ত ন টা টাইম জ’ন আছে। কিন্তু, যদিও ভাৰতবৰ্ষ ২৯ ডিগ্ৰী দ্ৰাঘিমাগত প্ৰস্থত বিয়পি আছে, ইয়াত এটাই টাইম জ’ন আছে। উত্তৰ পূৰ্বাঞ্চলত চাৰি বজাতে দিন আৰু ৰাতি হোৱাৰো ইয়েই কাৰণ। যিহেতু আমাৰ শৰীৰ আন্ধাৰত জিৰণি আৰু পোহৰত কৰ্মসক্ষম হবৰ বাবে প্ৰস্তুত হৈ থাকে, দিনৰ পোহৰৰ লগত ঘড়ীৰ কাটাৰ এই অসামঞ্জস্যই আমাৰ কৰ্মস্পৃহাক প্ৰভাৱান্নিত কৰে।

এই অধ্যয়নৰ বাবে গৱেষক সকলে পূৰ্বোত্তৰৰ অৰুণাচল প্ৰদেশৰ ডং নামৰ ঠাইৰ পৰা আৰম্ভ কৰি পশ্চিমৰ গুজৰাটৰ ঘুৱাৰ মোটা নামৰ ঠাইখনলৈ ভাৰতৰ দহ ঠাইত সূৰ্যোদয় আৰু সূৰ্যাস্তৰ সময়ৰ তুলনা কৰিছিল। “পূৰ্বোত্তৰত সূৰ্য্য সোনকালে উদয় হয় আৰু পশ্চিমৰ তুলনাত বহু মাহলৈ সূৰ্যোদয় দুই ঘণ্টা আগতেই হয়”, গৱেষক সকলে জনায়। যিসকলে এই অঞ্চলত কাম কৰে তেওঁলোকে কাৰ্য্য়ালয়ৰ কাম আৰম্ভ হোৱাৰ আগতেই দিনৰ পাচ ঘণ্টা সময় খৰচ কৰে আৰু ফলত কাম শেষ হওঁতে ৰাতি হৈ পৰে।

এই সমস্যাটোৰ সমাধানৰ বাবে গৱেষক সকলে বৰ্তমানৰ মান সময়ৰ লগত এক ঘণ্টা যোগ কৰি আই এচ টি - II নামৰ এক পৃথক টাইম জ’ন সৃষ্টি কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে। তেওঁলোকে জনাইছে যে বৰ্তমান ভাৰতীয় মান সময় (ইউ টি চি + ৫.৩০ ঘ) যি ৮২°৩৩′পূৰ্ব দ্ৰাঘিমাংশ  ধৰি হিচাপ কৰা হয়, ই ৬৮°৭′ পূৰ্ব আৰু ৮৯°৫২′পূৰ্ব ৰ মাজৰ অংশটো সামৰি লয়। দ্বিতীয় প্ৰস্তাৱিত টাইম জ’ন, আই এচ টি II, যি ৯৭°৩০′পূৰ্ব দ্ৰাঘিমাংশ  ধৰি হিচাপ কৰা হয়, সি ৮৯°৫২′ পূৰ্ব আৰু ৯৭°২৫′ পূৰ্ব ৰ মাজৰ ঠাই খিনি সামৰি লব। গৱেষক সকলৰ মতে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য অসম, মেঘালয়, নাগালেণ্ড, অৰুণাচল প্ৰদেশ, মণিপুৰ, মিজোৰাম, আৰু ত্ৰিপুৰা আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জক এই নতুন সময় জ’ন টোৱে সামৰি লব।

অধ্যয়ন টোৱে দুয়োটা টাইম জ’নৰ মাজৰ সীমাৰেখা টোও নিৰ্ধাৰণ কৰি দিছে। “এই সীমাৰেখা পশ্চিম বংগ আৰু অসমৰ সীমাঞ্চলৰ বিশেষ সংকীৰ্ণতম ঠাই খিনি হ’ব”, গৱেষক সকলে জনায়।

এই বিভাজনে ৰেলৱে পৰিবহন আদিত হব পৰা সমস্যাও লাঘৱ কৰিব। ভাৰতত ৰেলৰ সময় আৰু সংকেত এতিয়াও স্বচালিত, হোৱা নাই। যিহেতু আই এচ টি II অঞ্চলত মাত্ৰ দুটাহে বৃহৎ ষ্টেচন আছে, ইয়াৰ সময় অতি সহজে সলনি বা ঠিক কৰি লব পৰা যাব, তেওঁলোকে কয়।

প্ৰস্তাৱিত নতুন সময় জ’ন টোৱে এই অঞ্চলৰ বাসিন্দা খিনিৰ জীৱনশৈলী উন্নীত কৰাৰ লগতে আৰু বহু উপকাৰ সাধন কৰিব। যিহেতু দিনৰ ভাগতেই বেছি ভাগ কাম সম্পাদন হব, ই যথেষ্ট পৰিমানে বিদ্যুৎ ৰাহি কৰাত সহায়ক হব। “সাম্ভাব্য বিদ্যুৎ ৰাহীৰ পৰিমাণ প্ৰায় ২×১০৭ কিলো ৱাট ঘণ্টা, যিটো অতিকৈ মহত্বপূৰ্ণ, কাৰণ এই ঠাই সমূহত বিদ্যুতৰ নাটনি আছে”, তেওঁলোকে জনায়।

গৱেষক সকলে, ব্ৰিটিছৰ দ্বাৰা ১৮৮৪ চনত প্ৰবৰ্তিত কৰা ‘বম্বে টাইম’ আৰু ‘কলিকতা টাইমৰ’ সদৃশ দুটা টাইম জ’নৰ ধাৰণাটোৰ পুনৰীক্ষণ কৰে। তেওঁলোকে জনায় যে বৰ্তমানৰ ভাৰতৰ সময় ৰক্ষক, ভাৰতীয় ভৌতিক প্ৰয়োগশালা (এন পি এল), ভাৰতত দুটা সময় জ’ন বজায় ৰখাত সম্পূৰ্ণ সক্ষম যদিহে এন পি এল ৰ অনুৰূপ এক গৱেষণাগাৰ আই এচ টি-II অঞ্চলত প্ৰতিষ্ঠা কৰা হয়।

“যিহেতু এন পি এল ৰ ওচৰত প্ৰয়োজনীয় কাৰিকৰী অভিজ্ঞতা আছেই, প্ৰয়োজনীয় অনুদান আৰু ঠাই পালেই অনুৰূপ এক প্ৰয়োগশালাৰ স্থাপন অতি সহজেই কৰিব পৰা যাব”, গৱেষক সকলে জনায়।

Assamese

Recent Stories

Authored by
মানুহৰ দেহলৈ বিয়পিব পৰা ফিলোভাইৰাছ কঢ়িয়াই উত্তৰ পূৰ্বাঞ্চলৰ কিছুমান বাদুলিৰ প্ৰজাতিয়ে

প্ৰতি বছৰে অক্টোবৰ মাহৰ মাজ ভাগত নাগালেণ্ডৰ ব’মৰ (Bomrr) নামৰ  জাতি এটাৰ লোক সকল মিমি গাওঁত থকা গুহা সমূহত একত্ৰিত হয়। বছৰেকীয়া এই বাদুলি চিকাৰৰ উৎসৱত প্ৰায় ৭০০০ ৰ পৰা ২৫০০০ টা বাদুলি হত্যা কৰা হয়। এই জাতিটোৰ লোক সকলে বিশ্বাস কৰে যে এই বাদুলিসমূহৰ কিছুমান ঔষধিক গুণ আছে যিয়ে ডায়েৰীয়া, দেহৰ বিষ ইত্যাদি নিৰ্মূল কৰিব পাৰে আৰু শক্তি বৃদ্ধি কৰে। কিন্তু এক শেহতীয়া অধ্যয়নৰ মতে ৰোগৰ উপশমত সহায় কৰাৰ সলনি বাদুলি সমূহে ভয়ানক ফিলোভাইৰাছহে কঢ়িয়াই যিবোৰ মানুহৰ দেহলৈকো সংক্ৰমিত হ’ব পাৰে।

Authored by
উচ্চ ৰক্তচাপ আৰু বায়ু প্ৰদূষণৰ লগত ইয়াৰ সম্পৰ্ক

আপুনি জানেনে যে পৃথিৱীত মানুহৰ মৃত্যুৰ মুখ্য কাৰণ যুদ্ধ বা দুৰ্ভিক্ষ নহয়, হৃদৰোগ সমূহহে। এই ঘাটক সমূহৰ কাৰক বোৰৰ বিষয়ে এতিয়াও সম্পূৰ্ণকৈ জনা হোৱা নাই। গৱেষক সকলৰ মতে ইয়াৰ কাৰণ সমূহ হৈছে জিনীয় কাৰক, জীৱন শৈলীৰ পৰিবৰ্তন, খাদ্য, আৰু পাৰিবেশিক কাৰণ যেনে বায়ু প্ৰদূষণ ইত্যাদি। যোৱা কিছু বছৰত উচ্চ ৰক্তচাপ আদি  হৃদৰোগৰ কাৰকৰ ভূক্তভোগীৰ সংখ্যা বাঢ়িছে। দুখীয়া আৰু মধ্যবিত্ত দেশৰ লোক সমূহে ইয়াৰ ফলত বেছি কষ্ট ভোগ কৰিবলগীয়া হৈছে। ২০১৫ চনত উচ্চ ৰক্তচাপত ভূগি থকা ১.১ বিলিয়ন প্ৰাপ্ত বয়স্ক লোকৰ প্ৰায় ৪৪% দক্ষিণ আৰু পূৱ এছিয়াৰ আৰু ১৮% ভাৰতৰ বাসিন্দা আছিল।

Authored by
ভাৰতত ভয়াবহ ৰূপ ধাৰণ কৰিছে এন্টিবায়’টিক প্ৰতিৰোধৰ সমস্যাই

বেক্টেৰিয়াৰ আক্ৰমণ প্ৰতিহত কৰিবলৈ ব্যৱহৃত হোৱা এন্টিবায়’টিক  সমূহে ১৯২৮ চনত ইয়াৰ প্ৰথম আৱিস্কাৰৰ পাছৰে পৰা বেক্টেৰিয়াজনিত ৰোগৰ চিকিৎসাত উল্লেখযোগ্য অৱদান আগবঢ়াই আহিছে। কিন্তু বৰ্তমান সময়ত এই এন্টিবায়’টিক সমূহৰ ক্ৰিয়াক প্ৰতিৰোধ কৰাৰ ক্ষমতা থকা কিছুমান বেক্টেৰিয়া এক ডাঙৰ সমস্যা হৈ পৰিছে। এন্টিবায়’টিক প্ৰতিৰোধী এই বেক্টেৰিয়া সমূহৰ চিকিৎসা দীঘলীয়া আৰু খৰছী হোৱাৰ উপৰিও ইয়াৰ ফলত বহু লোক মৃত্যু মুখত পৰে। এন্টিবায়’টিক প্ৰতিৰোধৰ বাবে ২০৫০ চনৰ ভিতৰত বিশ্বত বছৰি প্ৰায় ১০ মিলিয়ন লোকৰ মৃত্যু হ’ব পাৰে বুলি অনুমান কৰা হৈছে। এন্টিবায়’টিকৰ অসাৱধান আৰু অত্যাধিক ব্যৱহাৰৰ ফলত

Authored by
Lockeia gigantus trace fossils found from Fort Member. Credit: Authors

ಜೈ ನಾರಾಯಣ್ ವ್ಯಾಸ್ ವಿಶ್ವವಿದ್ಯಾಲಯದ ಸಂಶೋಧಕರು ಜೈಸಲ್ಮೇರ್ ನಗರದ ಬಳಿಯ ಜೈಸಲ್ಮೇರ್ ರಚನೆಯಲ್ಲಿ ಲಾಕಿಯಾ ಜೈಗ್ಯಾಂಟಸ್ ಪಳೆಯುಳಿಕೆಗಳನ್ನು ಕಂಡುಹಿಡಿದಿದ್ದಾರೆ. ಇದು ಭಾರತದಿಂದ ಇಂತಹ ಪಳೆಯುಳಿಕೆಗಳ ಮೊದಲ ದಾಖಲೆ ಮಾತ್ರವಲ್ಲ, ಇದುವರೆಗೆ ಪತ್ತೆಯಾದ ಅತಿದೊಡ್ಡ ಲಾಕಿಯಾ ಕುರುಹುಗಳು.

Authored by
ಇಂಡೋ-ಬರ್ಮೀಸ್ ಪ್ಯಾಂಗೊಲಿನ್ (ಮನಿಸ್ ಇಂಡೋಬರ್ಮಾನಿಕಾ). ಕೃಪೆ: ವಾಂಗ್ಮೋ, ಎಲ್.ಕೆ., ಘೋಷ್, ಎ., ಡೋಲ್ಕರ್, ಎಸ್. ಮತ್ತು ಇತರರು.

ಕಳ್ಳತನದಿಂದ ಸಾಗಾಟವಾಗುತ್ತಿದ್ದ ಹಲವು ಪ್ರಾಣಿಗಳ ನಡುವೆ ಪ್ಯಾಂಗೋಲಿನ್ ನ ಹೊಸ ಪ್ರಭೇದವನ್ನು ಪತ್ತೆ ಮಾಡಲಾಗಿದೆ.

Authored by
ಸ್ಪರ್ಶರಹಿತ ಬೆರಳಚ್ಚು ಸಂವೇದಕದ ಪ್ರಾತಿನಿಧಿಕ ಚಿತ್ರ

ಸಾಧಾರಣವಾಗಿ, ಫೋನ್ ಅನ್ನು ಅನ್ಲಾಕ್ ಮಾಡುವಾಗ ಅಥವಾ ಕಛೇರಿಯಲ್ಲಿ ಬಯೋಮೆಟ್ರಿಕ್ ಸ್ಕ್ಯಾನರುಗಳನ್ನು ಬಳಸುವಾಗ, ನಿಮ್ಮ ಬೆರಳನ್ನು ಸ್ಕ್ಯಾನರಿನ ಮೇಲ್ಮೈಗೆ ಒತ್ತ ಬೇಕಾಗುತ್ತದೆ. ಬೆರಳಚ್ಚುಗಳನ್ನು ಸೆರೆಹಿಡಿಯುವುದು ಹೀಗೆ. ಆದರೆ, ಹೊಸ ಸಂಶೋಧನೆಯೊಂದು ಈ ಪ್ರಕ್ರಿಯೆಯನ್ನು ಇನ್ನಷ್ಟು ಸ್ವಚ್ಛ, ಸುಲಭ ಮತ್ತು ಹೆಚ್ಚು ನಿಖರವಾಗಿಸುವ ವಿಧಾನವನ್ನು ರೂಪಿಸಿದೆ. ಸಾಧನವನ್ನು ಮುಟ್ಟದೆಯೇ ಬೆರಳಚ್ಚನ್ನು ಸಂಗ್ರಹಿಸುವ ಮಾರ್ಗವನ್ನು ಹುಡುಕಿದೆ.

Authored by
ಮೈಕ್ರೋಸಾಫ್ಟ್ ಡಿಸೈನರ್ ನ ಇಮೇಜ್ ಕ್ರಿಯೇಟರ್ ಬಳಸಿ ಚಿತ್ರ ರಚಿಸಲಾಗಿದೆ

ಐಐಟಿ ಬಾಂಬೆಯ ಸಂಶೋಧಕರು ಶಾಕ್‌ವೇವ್-ಆಧಾರಿತ ಸೂಜಿ-ಮುಕ್ತ ಸಿರಿಂಜ್ ಅನ್ನು ಅಭಿವೃದ್ಧಿಪಡಿಸಿದ್ದಾರೆ. ಈ ಮೂಲಕ ಸೂಜಿಗಳಿಲ್ಲದೆ ಔಷಧಿಗಳನ್ನು ಪೂರೈಸುವ ಮಾರ್ಗವನ್ನು ಕಂಡುಹಿಡಿದಿದ್ದಾರೆ.

Authored by
ಅತ್ಯಂತ ಪ್ರಾಚೀನ ವಸ್ತುವಿನ ಅಧ್ಯಯನ

ಹಯಾಬುಸಾ ಎಂದರೆ ವೇಗವಾಗಿ ಚಲಿಸುವ ಜಪಾನೀ ಬೈಕ್ ನೆನಪಿಗೆ ತಕ್ಷಣ ಬರುವುದು ಅಲ್ಲವೇ? ಆದರೆ ಜಪಾನಿನ ಬಾಹ್ಯಾಕಾಶ ಸಂಸ್ಥೆ - (ಜಾಕ್ಸ, JAXA) ತನ್ನ ಒಂದು ನೌಕೆಯ ಹೆಸರು ಹಯಾಬುಸಾ 2 ಎಂದು ಇಟ್ಟಿದ್ದಾರೆ. ಈ ನೌಕೆಯನ್ನು ಜಪಾನಿನ ಬಾಹ್ಯಾಕಾಶ ಸಂಸ್ಥೆ ಸೌರವ್ಯೂಹದಾದ್ಯಂತ ಸಂಚರಿಸಿ ರುಯ್ಗು (Ryugu) ಕ್ಷುದ್ರಗ್ರಹವನ್ನು ಸಂಪರ್ಕ ಸಾಧಿಸುವ ಉದ್ದೇಶದಿಂದ  ಡಿಸೆಂಬರ್ 2014 ರಲ್ಲಿ ಉಡಾವಣೆ ಮಾಡಿತ್ತು. ಇದು ಸುಮಾರು ಮೂವತ್ತು ಕೋಟಿ (300 ಮಿಲಿಯನ್) ಕಿಲೋಮೀಟರ್ ದೂರ ಪ್ರಯಾಣಿಸಿ 2018 ರಲ್ಲಿ ರುಯ್ಗು ಕ್ಷುದ್ರಗ್ರಹವನ್ನು ಸ್ಪರ್ಶಿಸಿತ್ತು. ಅಲ್ಲಿಯೇ ಕೆಲ ತಿಂಗಳು ಇದ್ದು ಮಾಹಿತಿ ಮತ್ತು ವಸ್ತು ಸಂಗ್ರಹಣೆ ಮಾಡಿ, 2020 ಯಲ್ಲಿ ಯಶಸ್ವಿಯಾಗಿ ಹಿಂತಿರುಗಿತ್ತು.

Authored by
ಕಾಂಕ್ರೀಟ್‌ ಪರೀಕ್ಷೆಗೆ ಪ್ರೋಬ್‌

ಕಾಂಕ್ರೀಟ್‌ನಲ್ಲಿ ಹುದುಗಿರುವ ರೆಬಾರ್‌ಗಳಲ್ಲಿನ ತುಕ್ಕು ಪ್ರಮಾಣವನ್ನು ಮಾಪಿಸಲು ವಿಜ್ಞಾನಿಗಳು ಒಂದು ಹೊಸ ತಪಾಸಕವನ್ನು ಅಭಿವೃದ್ಧಿಪಡಿಸಿದ್ದಾರೆ.

Authored by
‘ದ್ವಿಪಾತ್ರ’ದಲ್ಲಿ ಮೈಕ್ರೋ ಆರ್‌ಎನ್‌ಎ

ವೈರಲ್ ಸೋಂಕುಗಳು ಮತ್ತು ಸ್ವಯಂ ನಿರೋಧಕ ಕಾಯಿಲೆಗಳಲ್ಲಿ ಮೈಕ್ರೋ ಆರ್‌ಎನ್‌ಎ ‘ದ್ವಿಪಾತ್ರ’ದಲ್ಲಿ ಕೆಲಸ ಮಾಡುತ್ತದೆ. 

Authored by
ರೀಚಾರ್ಜ್ ಮಾಡಬಹುದಾದ ಬ್ಯಾಟರಿಗಳು

ಐಐಟಿ ಬಾಂಬೆ ಯ ಬ್ಯಾಟರಿ ಪ್ರೋಟೋಟೈಪಿಂಗ್ ಲ್ಯಾಬ್ ನ ಸಂಶೋಧಕರು ಇಂಧನ (ಶಕ್ತಿ) ಶೇಖರಣಾ ಸಾಧನವಾಗಿರುವ ರೀಚಾರ್ಜ್ ಮಾಡಬಹುದಾದ ಬ್ಯಾಟರಿಗಳ ಬಗ್ಗೆ ಅಧ್ಯಯನ ನಡೆಸುತ್ತಿದ್ದಾರೆ. 

Loading content ...
Loading content ...
Loading content ...
Loading content ...
Loading content ...