বেঙ্গালুৰু
অৰুণাচল প্ৰদেশ: ভোমোৰাৰ এক ৰম্যভূমি

হিমালয়ৰ অধিক উচ্চতাত বনৰীয়া আৰু কৃষিজাত উদ্ভিদৰ পৰাগযোগত ভোমোৰাৰ বিভিন্ন প্ৰজাতিয়ে উল্লেখযোগ্য ভূমিকা পালন কৰে। এই অঞ্চলত ইয়াৰ উপস্থিতি অতি মহত্বপূৰ্ণ কাৰণ আন বহু পোক-পতংগ এই ঠাইত বাচি থাকিবলৈ অক্ষম। ভাৰতত ভোমোৰাৰ প্ৰজাতি সমূহৰ বিস্তৃতিৰ বিষয়ে বিষদ গৱেষণা হোৱা নাই। হিমালয়ৰ পশ্চিম আৰু কেন্দ্ৰীয় অংশত ইহঁতৰ বিস্তৃতিৰ বিষয়ে কিছু অধ্যয়ন হৈছে যদিও পূৱ-হিমালয়ৰ কঠোৰ জলবায়ুৰ বাবে এই অঞ্চলত ইহঁতৰ অধ্যয়ন অতি সীমিত হৈ আছে।

শেহতীয়াকৈ ভাৰত, অষ্ট্ৰিয়া আৰু জাৰ্মানীৰ গৱেষকৰ দল এটাই হিমালয়ৰ পূৱ প্ৰান্তত অৱস্থিত অৰুণাচল প্ৰদেশত ব’ম্বাচ নামৰ জাতিটোৰ (ভোমোৰা) বিষয়ে অধ্যয়ন কৰিছিল। তেওঁলোকে এই ঠাইত ভোমোৰাৰ ২১ টা প্ৰজাতিৰ সন্ধান পাইছিল যি পূৰ্বতে হোৱা সকলো অধ্যয়নতকৈ বেছি। ভাৰত চৰকাৰৰ জৈৱ প্ৰযুক্তিবিদ্যা বিভাগৰ দ্বাৰা আংশিকভাৱে সমৰ্থিত এই অধ্যয়নটোৰ ফলাফল সমূহ জু কিজ  নামৰ পত্ৰিকা এখনত প্ৰকাশিত হৈছে।

গৱেষক সকলে ২০১৫ চনৰ পৰা ২০১৭ চনৰ মাজত  ফুল ফুলাৰ সময় খিনিত (বাৰিষাৰ আগৰ পৰা বাৰিষাৰ পাছলৈ), অৰুণাচল প্ৰদেশৰ পৰা ভোমোৰাৰ প্ৰায় ৭০০ টা নমুনা সংগ্ৰহ কৰিছিল। এই নমুনা সমূহ পূৱ-হিমালয়ৰ ২০০ ৰ পৰা ৪৩০০ মিটাৰ উচ্চতাৰ ভিতৰত বিভিন্ন ঠাইৰ পৰা সংগ্ৰহ কৰা হৈছিল। ইতিমধ্যে উপলব্ধ বৰ্ণনাৰ সৈতে তুলনা কৰি এই  নমুনা সমূহ ভোমোৰাৰ ২১ প্ৰজাতিৰ অন্তৰ্গত বুলি চিনাক্ত কৰা হৈছিল।পূৱ-হিমালয়ৰ বিভিন্ন উচ্চতাত ভোমোৰাৰ বিভিন্ন প্ৰজাতিৰ বিতৰনত এক বিশেষ ক্ৰম থকা দেখা গৈছিল। ১০৯০ মিটাৰ উচ্চতালৈ থকা সেমেকা চিৰসেউজীয়া অৰণ্যত মাত্ৰ তিনিটা প্ৰজাতি পোৱা গৈছিল। লক্ষণীয়ভাৱে বৰ্ধিত উচ্চতাত উপলব্ধ প্ৰজাতিৰ সংখ্যা বেছি হোৱা পৰিলক্ষিত হৈছিল। ৩০০০ ৰ পৰা ৪০০০ মিটাৰ উচ্চতাৰ ভিতৰত থকা চাব-আলপাইন অৰণ্যত ১৫ টা প্ৰজাতিৰ উপস্থিতি প্ৰমাণিত হৈছিল।

গৱেষক সকলে মন কৰিছিল যে কিছুমান প্ৰজাতি যেনে ব’ম্বাচ এলব’প্লীউৰেলিচ আৰু বি. ব্ৰেভিচেপচ আদি হিমালয়ৰ এটা উচ্চতালৈয়ে সীমাবদ্ধ হৈ নাথাকি বিভিন্ন উচ্চতাত বিস্তৃত হৈ আছে। গৱেষক সকলৰ মতে কিছুমান প্ৰজাতিৰ বিভিন্ন উচ্চতা আৰু বাসস্থানত থাকিব পৰাকৈ হোৱা এই অভিযোজন ক্ষমতা এক লক্ষণীয় বিষয়। আনহাতে শতৰুৰ পৰা বাচি থাকিবলৈ কিছুমান প্ৰজাতিৰ বেলেগ প্ৰজাতিৰ দৰে ভেশচন ধৰাৰ ক্ষমতা থকাও দেখা গৈছিল।

২০০৪ চনত প্ৰকাশিত হোৱা এক অধ্যয়নত অৰুণাচল প্ৰদেশত ব’ম্বাচৰ মাত্ৰ আঠটা প্ৰজাতি পোৱা গৈছিল। আনহাতে মালকিয়াট চাইনি আৰু তেওঁৰ দলে দেশজুৰি কৰা এক ১২ বছৰীয়া সমীক্ষাত এই অঞ্চলত মাত্ৰ এটা প্ৰজাতিৰ উপস্থিতিৰ প্ৰমাণ পাইছিল। গতিকে ২১ টা প্ৰজাতিৰ সন্ধান পোৱা বৰ্তমান অধ্যয়নটোৱে নিশ্চয়কৈ পূৱ হিমালয়ত এইবিধ ভোমোৰাৰ বিস্তৃতিৰ বিষয়ে এক ভাল ছবি ডাঙি ধৰিছে। বি. মিৰাচ নামৰ ভোমোৰাৰ প্ৰজাতি এটা পূৰ্বতে কেৱল হিমালয়ৰ পশ্চিম আৰু কেন্দ্ৰীয় অংশতেই থকা বুলি ভৱা হৈছিল। কিন্তু বৰ্তমান অধ্যয়নত সংগৃহীত প্ৰায় ১৩% নমুনাই এই প্ৰজাতিৰ সদস্য় আছিল, যিয়ে প্ৰমাণ কৰিলে যে ইহঁত পূৱ-হিমালয়কে ধৰি হিমালয়ৰ বিভিন্ন অংশত বিস্তৃত হৈ আছে।

এই অধ্যয়নে অৰুণাচল প্ৰদেশৰ ভোমোৰাৰ বৈচিত্ৰতা কাশ্মীৰ, উত্তৰাখণ্ড আৰু হিমাচল প্ৰদেশৰ সমকক্ষৰ বুলি প্ৰমাণ কৰিলে। গৱেষক সকলে আশা প্ৰকাশ কৰে যে অধিক অধ্যয়নৰ পাছত ৪০০০ মিটাৰ উচ্চতাৰ ওপৰত থকা গছবিহীন আলপাইন অঞ্চলতো আৰু অধিক প্ৰজাতিৰ সন্ধান পোৱা যাব।

স্থানীয় খেতি-বাতিৰ পদ্ধতিত হোৱা সাল-সলনি আৰু বিশ্বৰ জলবায়ু পৰিৱৰ্তনে ভোমোৰাৰ আবাদীকো প্ৰভাৱান্বিত কৰিছে। প্ৰতিকূল পৰিবেশৰ মাজতো পৰাগযোগত ইহঁতে পালন কৰা অতি গুৰুত্বপূৰ্ণ ভূমিকালৈ লক্ষ্য ৰাখি এই অঞ্চলত শস্যৰ উৎপাদন আৰু জৈৱ বৈচিত্ৰতা ৰক্ষা কৰিবলৈ ইহঁতৰ সংৰক্ষণ অতি প্ৰয়োজনীয়। সলনি হৈ থকা উষ্ণতাই কেনেকৈ ভোমোৰাৰ এই প্ৰজাতি সমূহক প্ৰভাৱান্বিত কৰিব সেয়া অধ্যয়ন কৰাটোও অতি গুৰুত্বপূৰ্ণ।

আপেল আদি গুৰুত্বপূৰ্ণ উদ্ভিদৰ পৰাগযোগ প্ৰক্ৰিয়াত সহায় কৰিব পৰাকৈ গৱেষণাগাৰত ভোমোৰাৰ স্থানীয় প্ৰজাতিৰ পালনৰ কাম চলি আছে।

“ইহঁতৰ সম্ভাৱনাৰ বিষয়ে নিশ্চিত হ’বলৈ আৰু ভবিষ্যতে অৰুণাচল প্ৰদেশত ব্যৱসায়িক ভিত্তিত ফল আৰু শস্যৰ পৰাগযোগত ব্যৱহাৰৰ উপযোগী হ’ব পৰা ভোমোৰাৰ প্ৰজাতি সমূহ চিনাক্ত কৰিবলৈ অধিক অধ্যয়নৰ প্ৰয়োজন আছে”, গৱেষক সকলে কয় ।

Assamese

Recent Stories

Authored by
Research Matters
মানুহৰ দেহলৈ বিয়পিব পৰা ফিলোভাইৰাছ কঢ়িয়াই উত্তৰ পূৰ্বাঞ্চলৰ কিছুমান বাদুলিৰ প্ৰজাতিয়ে

প্ৰতি বছৰে অক্টোবৰ মাহৰ মাজ ভাগত নাগালেণ্ডৰ ব’মৰ (Bomrr) নামৰ  জাতি এটাৰ লোক সকল মিমি গাওঁত থকা গুহা সমূহত একত্ৰিত হয়। বছৰেকীয়া এই বাদুলি চিকাৰৰ উৎসৱত প্ৰায় ৭০০০ ৰ পৰা ২৫০০০ টা বাদুলি হত্যা কৰা হয়। এই জাতিটোৰ লোক সকলে বিশ্বাস কৰে যে এই বাদুলিসমূহৰ কিছুমান ঔষধিক গুণ আছে যিয়ে ডায়েৰীয়া, দেহৰ বিষ ইত্যাদি নিৰ্মূল কৰিব পাৰে আৰু শক্তি বৃদ্ধি কৰে। কিন্তু এক শেহতীয়া অধ্যয়নৰ মতে ৰোগৰ উপশমত সহায় কৰাৰ সলনি বাদুলি সমূহে ভয়ানক ফিলোভাইৰাছহে কঢ়িয়াই যিবোৰ মানুহৰ দেহলৈকো সংক্ৰমিত হ’ব পাৰে।

Authored by
Research Matters
উচ্চ ৰক্তচাপ আৰু বায়ু প্ৰদূষণৰ লগত ইয়াৰ সম্পৰ্ক

আপুনি জানেনে যে পৃথিৱীত মানুহৰ মৃত্যুৰ মুখ্য কাৰণ যুদ্ধ বা দুৰ্ভিক্ষ নহয়, হৃদৰোগ সমূহহে। এই ঘাটক সমূহৰ কাৰক বোৰৰ বিষয়ে এতিয়াও সম্পূৰ্ণকৈ জনা হোৱা নাই। গৱেষক সকলৰ মতে ইয়াৰ কাৰণ সমূহ হৈছে জিনীয় কাৰক, জীৱন শৈলীৰ পৰিবৰ্তন, খাদ্য, আৰু পাৰিবেশিক কাৰণ যেনে বায়ু প্ৰদূষণ ইত্যাদি। যোৱা কিছু বছৰত উচ্চ ৰক্তচাপ আদি  হৃদৰোগৰ কাৰকৰ ভূক্তভোগীৰ সংখ্যা বাঢ়িছে। দুখীয়া আৰু মধ্যবিত্ত দেশৰ লোক সমূহে ইয়াৰ ফলত বেছি কষ্ট ভোগ কৰিবলগীয়া হৈছে। ২০১৫ চনত উচ্চ ৰক্তচাপত ভূগি থকা ১.১ বিলিয়ন প্ৰাপ্ত বয়স্ক লোকৰ প্ৰায় ৪৪% দক্ষিণ আৰু পূৱ এছিয়াৰ আৰু ১৮% ভাৰতৰ বাসিন্দা আছিল।

Authored by
Research Matters
ভাৰতত ভয়াবহ ৰূপ ধাৰণ কৰিছে এন্টিবায়’টিক প্ৰতিৰোধৰ সমস্যাই

বেক্টেৰিয়াৰ আক্ৰমণ প্ৰতিহত কৰিবলৈ ব্যৱহৃত হোৱা এন্টিবায়’টিক  সমূহে ১৯২৮ চনত ইয়াৰ প্ৰথম আৱিস্কাৰৰ পাছৰে পৰা বেক্টেৰিয়াজনিত ৰোগৰ চিকিৎসাত উল্লেখযোগ্য অৱদান আগবঢ়াই আহিছে। কিন্তু বৰ্তমান সময়ত এই এন্টিবায়’টিক সমূহৰ ক্ৰিয়াক প্ৰতিৰোধ কৰাৰ ক্ষমতা থকা কিছুমান বেক্টেৰিয়া এক ডাঙৰ সমস্যা হৈ পৰিছে। এন্টিবায়’টিক প্ৰতিৰোধী এই বেক্টেৰিয়া সমূহৰ চিকিৎসা দীঘলীয়া আৰু খৰছী হোৱাৰ উপৰিও ইয়াৰ ফলত বহু লোক মৃত্যু মুখত পৰে। এন্টিবায়’টিক প্ৰতিৰোধৰ বাবে ২০৫০ চনৰ ভিতৰত বিশ্বত বছৰি প্ৰায় ১০ মিলিয়ন লোকৰ মৃত্যু হ’ব পাৰে বুলি অনুমান কৰা হৈছে। এন্টিবায়’টিকৰ অসাৱধান আৰু অত্যাধিক ব্যৱহাৰৰ ফলত

Authored by
Research Matters
Lockeia gigantus trace fossils found from Fort Member. Credit: Authors

ಜೈ ನಾರಾಯಣ್ ವ್ಯಾಸ್ ವಿಶ್ವವಿದ್ಯಾಲಯದ ಸಂಶೋಧಕರು ಜೈಸಲ್ಮೇರ್ ನಗರದ ಬಳಿಯ ಜೈಸಲ್ಮೇರ್ ರಚನೆಯಲ್ಲಿ ಲಾಕಿಯಾ ಜೈಗ್ಯಾಂಟಸ್ ಪಳೆಯುಳಿಕೆಗಳನ್ನು ಕಂಡುಹಿಡಿದಿದ್ದಾರೆ. ಇದು ಭಾರತದಿಂದ ಇಂತಹ ಪಳೆಯುಳಿಕೆಗಳ ಮೊದಲ ದಾಖಲೆ ಮಾತ್ರವಲ್ಲ, ಇದುವರೆಗೆ ಪತ್ತೆಯಾದ ಅತಿದೊಡ್ಡ ಲಾಕಿಯಾ ಕುರುಹುಗಳು.

Authored by
Research Matters
ಇಂಡೋ-ಬರ್ಮೀಸ್ ಪ್ಯಾಂಗೊಲಿನ್ (ಮನಿಸ್ ಇಂಡೋಬರ್ಮಾನಿಕಾ). ಕೃಪೆ: ವಾಂಗ್ಮೋ, ಎಲ್.ಕೆ., ಘೋಷ್, ಎ., ಡೋಲ್ಕರ್, ಎಸ್. ಮತ್ತು ಇತರರು.

ಕಳ್ಳತನದಿಂದ ಸಾಗಾಟವಾಗುತ್ತಿದ್ದ ಹಲವು ಪ್ರಾಣಿಗಳ ನಡುವೆ ಪ್ಯಾಂಗೋಲಿನ್ ನ ಹೊಸ ಪ್ರಭೇದವನ್ನು ಪತ್ತೆ ಮಾಡಲಾಗಿದೆ.

Authored by
Research Matters
ಸ್ಪರ್ಶರಹಿತ ಬೆರಳಚ್ಚು ಸಂವೇದಕದ ಪ್ರಾತಿನಿಧಿಕ ಚಿತ್ರ

ಸಾಧಾರಣವಾಗಿ, ಫೋನ್ ಅನ್ನು ಅನ್ಲಾಕ್ ಮಾಡುವಾಗ ಅಥವಾ ಕಛೇರಿಯಲ್ಲಿ ಬಯೋಮೆಟ್ರಿಕ್ ಸ್ಕ್ಯಾನರುಗಳನ್ನು ಬಳಸುವಾಗ, ನಿಮ್ಮ ಬೆರಳನ್ನು ಸ್ಕ್ಯಾನರಿನ ಮೇಲ್ಮೈಗೆ ಒತ್ತ ಬೇಕಾಗುತ್ತದೆ. ಬೆರಳಚ್ಚುಗಳನ್ನು ಸೆರೆಹಿಡಿಯುವುದು ಹೀಗೆ. ಆದರೆ, ಹೊಸ ಸಂಶೋಧನೆಯೊಂದು ಈ ಪ್ರಕ್ರಿಯೆಯನ್ನು ಇನ್ನಷ್ಟು ಸ್ವಚ್ಛ, ಸುಲಭ ಮತ್ತು ಹೆಚ್ಚು ನಿಖರವಾಗಿಸುವ ವಿಧಾನವನ್ನು ರೂಪಿಸಿದೆ. ಸಾಧನವನ್ನು ಮುಟ್ಟದೆಯೇ ಬೆರಳಚ್ಚನ್ನು ಸಂಗ್ರಹಿಸುವ ಮಾರ್ಗವನ್ನು ಹುಡುಕಿದೆ.

Authored by
Research Matters
ಮೈಕ್ರೋಸಾಫ್ಟ್ ಡಿಸೈನರ್ ನ ಇಮೇಜ್ ಕ್ರಿಯೇಟರ್ ಬಳಸಿ ಚಿತ್ರ ರಚಿಸಲಾಗಿದೆ

ಐಐಟಿ ಬಾಂಬೆಯ ಸಂಶೋಧಕರು ಶಾಕ್‌ವೇವ್-ಆಧಾರಿತ ಸೂಜಿ-ಮುಕ್ತ ಸಿರಿಂಜ್ ಅನ್ನು ಅಭಿವೃದ್ಧಿಪಡಿಸಿದ್ದಾರೆ. ಈ ಮೂಲಕ ಸೂಜಿಗಳಿಲ್ಲದೆ ಔಷಧಿಗಳನ್ನು ಪೂರೈಸುವ ಮಾರ್ಗವನ್ನು ಕಂಡುಹಿಡಿದಿದ್ದಾರೆ.

Authored by
Research Matters
ಅತ್ಯಂತ ಪ್ರಾಚೀನ ವಸ್ತುವಿನ ಅಧ್ಯಯನ

ಹಯಾಬುಸಾ ಎಂದರೆ ವೇಗವಾಗಿ ಚಲಿಸುವ ಜಪಾನೀ ಬೈಕ್ ನೆನಪಿಗೆ ತಕ್ಷಣ ಬರುವುದು ಅಲ್ಲವೇ? ಆದರೆ ಜಪಾನಿನ ಬಾಹ್ಯಾಕಾಶ ಸಂಸ್ಥೆ - (ಜಾಕ್ಸ, JAXA) ತನ್ನ ಒಂದು ನೌಕೆಯ ಹೆಸರು ಹಯಾಬುಸಾ 2 ಎಂದು ಇಟ್ಟಿದ್ದಾರೆ. ಈ ನೌಕೆಯನ್ನು ಜಪಾನಿನ ಬಾಹ್ಯಾಕಾಶ ಸಂಸ್ಥೆ ಸೌರವ್ಯೂಹದಾದ್ಯಂತ ಸಂಚರಿಸಿ ರುಯ್ಗು (Ryugu) ಕ್ಷುದ್ರಗ್ರಹವನ್ನು ಸಂಪರ್ಕ ಸಾಧಿಸುವ ಉದ್ದೇಶದಿಂದ  ಡಿಸೆಂಬರ್ 2014 ರಲ್ಲಿ ಉಡಾವಣೆ ಮಾಡಿತ್ತು. ಇದು ಸುಮಾರು ಮೂವತ್ತು ಕೋಟಿ (300 ಮಿಲಿಯನ್) ಕಿಲೋಮೀಟರ್ ದೂರ ಪ್ರಯಾಣಿಸಿ 2018 ರಲ್ಲಿ ರುಯ್ಗು ಕ್ಷುದ್ರಗ್ರಹವನ್ನು ಸ್ಪರ್ಶಿಸಿತ್ತು. ಅಲ್ಲಿಯೇ ಕೆಲ ತಿಂಗಳು ಇದ್ದು ಮಾಹಿತಿ ಮತ್ತು ವಸ್ತು ಸಂಗ್ರಹಣೆ ಮಾಡಿ, 2020 ಯಲ್ಲಿ ಯಶಸ್ವಿಯಾಗಿ ಹಿಂತಿರುಗಿತ್ತು.

Authored by
Research Matters
ಕಾಂಕ್ರೀಟ್‌ ಪರೀಕ್ಷೆಗೆ ಪ್ರೋಬ್‌

ಕಾಂಕ್ರೀಟ್‌ನಲ್ಲಿ ಹುದುಗಿರುವ ರೆಬಾರ್‌ಗಳಲ್ಲಿನ ತುಕ್ಕು ಪ್ರಮಾಣವನ್ನು ಮಾಪಿಸಲು ವಿಜ್ಞಾನಿಗಳು ಒಂದು ಹೊಸ ತಪಾಸಕವನ್ನು ಅಭಿವೃದ್ಧಿಪಡಿಸಿದ್ದಾರೆ.

Authored by
Research Matters
‘ದ್ವಿಪಾತ್ರ’ದಲ್ಲಿ ಮೈಕ್ರೋ ಆರ್‌ಎನ್‌ಎ

ವೈರಲ್ ಸೋಂಕುಗಳು ಮತ್ತು ಸ್ವಯಂ ನಿರೋಧಕ ಕಾಯಿಲೆಗಳಲ್ಲಿ ಮೈಕ್ರೋ ಆರ್‌ಎನ್‌ಎ ‘ದ್ವಿಪಾತ್ರ’ದಲ್ಲಿ ಕೆಲಸ ಮಾಡುತ್ತದೆ. 

Authored by
Research Matters
ರೀಚಾರ್ಜ್ ಮಾಡಬಹುದಾದ ಬ್ಯಾಟರಿಗಳು

ಐಐಟಿ ಬಾಂಬೆ ಯ ಬ್ಯಾಟರಿ ಪ್ರೋಟೋಟೈಪಿಂಗ್ ಲ್ಯಾಬ್ ನ ಸಂಶೋಧಕರು ಇಂಧನ (ಶಕ್ತಿ) ಶೇಖರಣಾ ಸಾಧನವಾಗಿರುವ ರೀಚಾರ್ಜ್ ಮಾಡಬಹುದಾದ ಬ್ಯಾಟರಿಗಳ ಬಗ್ಗೆ ಅಧ್ಯಯನ ನಡೆಸುತ್ತಿದ್ದಾರೆ. 

Loading content ...
Loading content ...
Loading content ...
Loading content ...
Loading content ...