Bengaluru
আপুনি কি খাইছে মন কৰক: বিশ্বত প্ৰতি পাঁচজনৰ ভিতৰত এজনে নিম্নমানৰ খাদ্যৰ বাবে প্ৰাণ হেৰুৱাই

বিশ্বব্যাপী কৰা এক অধ্যয়নত গম পোৱা গৈছে যে বেছি চডিয়াম আৰু কম মাত্ৰাত গোটা শস্য আৰু ফল মূলৰ ব্য়ৱহাৰ বেছিভাগ মৃত্যুৰ কাৰণ হৈ পৰে।

“খাদ্যক আপোনাৰ ঔষধ আৰু ঔষধক আপোনাৰ খাদ্য হ’ব দিয়ক”, বিখ্যাত হিপোক্রেতচৰ এই বাণীয়ে বহু আগতেই সুস্থ আৰু বলবান হৈ থাকিবৰ বাবে সঠিক খাদ্য গ্ৰহণ কৰাৰ প্ৰয়োজনীয়তাৰ বিষয়ে সকীয়াই দিছিল। সময়ৰ লগে লগে এই উপদেশ পাহৰি যোৱা যেন অনুভৱ হৈছে কাৰণ আমি আমাৰ খাদ্যৰ তালিকাখন অস্বাস্থ্যকৰ, সংসাধিত , নিমখীয়া আৰু মিঠা খাদ্যৰে ভৰাই পেলাইছোঁ। দা লেনচেট  নামৰ পত্ৰিকা এখনত শেহতীয়াকৈ প্ৰকাশিত এক অধ্যয়নত গৱেষক সকলে আমাৰ খাদ্যাভ্যাস সলনি কৰাৰ প্ৰয়োজনীয়তাৰ বিষয়ে সজাগ কৰিবলৈ চেষ্টা কৰিছে। তেওঁলোকে জনাইছে যে ২০১৭ চনত গোটেই বিশ্বত হোৱা প্ৰতি পাচটা মৃত্যুৰ ভিতৰত এটাৰ লগত জড়িত কাৰণ হৈছে নিম্নমানৰ খাদ্য। হৃদৰোগ, কেন্সাৰ আৰু টাইপ ২ ডায়েবেটিচ এই মৃত্যু সমূহৰ প্ৰধান কাৰক আছিল।

গৱেষক সকলে ১৯৯০ চনৰ পৰা ২০১৭ চনৰ ভিতৰত ১৯৫ খন দেশৰ ২৫ বছৰৰ উৰ্ধৰ লোকৰ খাদ্যাভ্যাস আৰু সোঁচৰিব নোৱাৰা বেমাৰৰ ফলত হোৱা মৃত্যুৰ হাৰৰ বিষয়ে অধ্যয়ন কৰিছিল। গৱেষক সকলে এই লোকসমূহৰ মাজত তেওঁলোকে খোৱা খাদ্যৰ বিভিন্ন উপাদান আৰু এইবোৰে সৃষ্টি কৰিব পৰা বেমাৰৰ বিষয়ে অনুমান কৰিছিল, আৰু ইয়াৰ পৰা হ’ব পৰা মৃত্যুৰ, আৰু অক্ষমতা সমাযোজিত জীৱন বৰ্ষৰ (ডি এ এল ৱাই) ৰ গণনা কৰিছিল। ডি এ এল ৱাই হৈছে বেমাৰ, অক্ষমতা আৰু সময়ৰ আগতে হোৱা মৃত্যুৰ ফলত জীৱনৰ পৰা হেৰোৱা বছৰ কেইটাৰ এক হিচাপ।

“১৯৫ খন দেশত খাদ্যাভাসৰ বিষয়ে কৰা অধ্যয়নে নিম্নমানৰ খাদ্যাভ্যাসৰ ফলত হোৱা স্বাস্থ্যৰ ক্ষতিৰ এক সম্পূৰ্ণ ছবি দাঙি ধৰিছে। আমি পালো যে খাদ্যাভ্যাসৰ উন্নীত কৰণৰ জৰিয়তে বিশ্বত হোৱা প্ৰতি পাঁচটা মৃত্যুৰ ভিতৰত এটা মৃত্যু প্ৰতিহত কৰিব পাৰি”,  গৱেষক সকলে জনায়।

এই অধ্যয়নত পোৱা গৈছে যে ২০১৭ চনত হোৱা ১১ মিলিয়ন মৃত্যু আৰু ২৫৫ মিলিয়ন ডি এ এল ৱাই ৰ কাৰন আছিল নিম্নমানৰ খাদ্য। ঘাটক হিচাপে পৰিণত হোৱা মুখ্য তিনিটা কাৰণ আছিল বেছি মাত্ৰাৰ চডিয়াম, গোটা শস্যৰ কম ব্যৱহাৰ আৰু কম মাত্ৰাত ফল মূলৰ ব্যৱহাৰ। “আমাৰ গৱেষণাই প্ৰমাণ কৰে যে অপৰিমিত আহাৰে, ধপাত সেৱন বা আন যিকোনো কাৰণত হোৱা মৃত্যুতকৈ আধিক পৰিমাণৰ ক্ষতি কৰিব পাৰে”, গৱেষক সকলে কয়।অধ্যয়নটোত পোৱা গৈছিল যে ২০১৭ চনত বিশ্ববাসীয়ে কম স্বাস্থ্যকৰ খাদ্য আৰু উপাদান গ্ৰহণ কৰিছিল। গাখীৰ, বাদাম জাতীয় বস্তু আৰু বীজ, গোটা শস্য আদিৰ ব্যৱহাৰ কম হৈছিল। আনহাতে অস্বাস্থ্যকৰ খাদ্য যেনে মিঠা যুক্ত পানীয়, সংসাধিত মাংস, চডিয়াম আদি অধিক পৰিমাণত ব্যৱহৃত হৈছিল। মহিলাৰ তুলনাত পুৰুষে স্বাস্থ্যকৰ আৰু অস্বাস্থ্যকৰ এই দুয়োবিধ খাদ্য অধিক পৰিমানে ব্যৱহাৰ কৰিছিল। এই ক্ষেত্ৰত ব্যতিক্ৰম কিছু ঠাই হৈছে চেন্ত্ৰেল এছিয়া য’ত অনুকূল মাত্ৰাত পাচলি, জাপানৰ দৰে ধনী এছিয়ান দেশ য’ত স্বাস্থ্যকৰ মাত্ৰাত ওমেগা ৩ ফেটি এচিড, আৰু লেটিন আমেৰিকা, এছিয়া আৰু আফ্ৰিকা য’ত উচিত মাত্ৰাত মাহজাতীয় শস্য গ্ৰহণ কৰা হৈছিল।

ভাৰত তথা দক্ষিণ এছিয়াৰ লোক সকলে প্ৰয়োজনতকৈ কম পৰিমাণে ফল, পাচলি, গোটা শস্য, বাদামজাতীয় বস্তু আৰু বীজ, গাখীৰ, কেলচিয়াম, আহজাতীয় বস্তু, তেলযুক্ত মাছত থকা ওমেগা ৩ ফেটি এচিড, মাকৈৰ তেল, কুসুম তেল আদি ব্যৱহাৰ কৰিছিল। গোটা শস্যৰ কম ব্যৱহাৰ ভাৰত আৰু আন কিছু দেশৰ কাৰণে খাদ্য জড়িত স্বাস্থ্য  ক্ষতিৰ প্ৰধান কাৰণ আছিল। যোগাত্মক দিশতো হ’ল আমাৰ ইয়াত মাহজাতীয় শস্যৰ ব্যৱহাৰ প্ৰয়োজনীয় মাত্ৰাতকৈ অধিক আছিল আৰু সংসাধিত মাংস আৰু চেনীযুক্ত মিঠা পানীয়ৰ ব্যৱহাৰ স্বাস্থ্যকৰ মাত্ৰাৰ ভিতৰত আছিল। অৱশ্যে হাইড্ৰ’জেনেটেড উদ্ভিজ তেলত থকা ট্ৰেন্স চৰ্বি আৰু নিমখত থকা চডিয়ামৰ ব্যৱহাৰৰ পৰিমাণ অতি বেছি আছিল।

২০১৭ চনত হোৱা আধাতকৈ বেছি খাদ্য জড়িত মৃত্যু আৰু দুই তৃতীয়াংশ খাদ্য জড়িত ডি এ এল ৱাই ৰ কাৰণ আছিল প্ৰয়োজনাধিক চডিয়ামৰ ব্যৱহাৰ (৩ মিলিয়ন মৃত্যু আৰু ৭০ মিলিয়ন ডি এ এল ৱাই), কম গোটা শস্যৰ ব্যৱহাৰ (৩ মিলিয়ন মৃত্যু আৰু ৮২ মিলিয়ন ডি এ এল ৱাই) আৰু ফলৰ কম ব্যৱহাৰ (২ মিলিয়ন মৃত্যু আৰু ৬৫ মিলিয়ন ডি এ এল ৱাই )। গোটা শস্যৰ কম ব্যৱহাৰ পুৰুষ আৰু মহিলাৰ ডি এ এল ৱাই ৰ আৰু মহিলাৰ মৃত্যুৰ আশংকাৰ প্ৰধান কাৰক আছিল। পুৰুষৰ ক্ষেত্ৰত চডিয়ামৰ ব্যৱহাৰ, আৰু তাৰ পাছত গোটা শস্য আৰু ফলৰ কম ব্যৱহাৰ  প্ৰধান  ক্ষতিৰ কাৰক আছিল।

গোটা শস্য, ফল আৰু পাচলি, বাদামজাতীয় বস্তু আৰু বীজ, ওমেগা ৩ ফেটি এচিড আদি কম থকা আৰু চডিয়াম অধিক মাত্ৰাত থকা খাদ্যৰ ব্যৱহাৰ কৰা আবাদীৰ মাজত কাৰ্ডিও ভাস্কুলাৰ ৰোগৰ ফলত হোৱা মৃত্যুৰ হাৰ অধিক আছিল। ভাৰতত অতি বেছিকৈ হোৱা টাইপ ২ ডায়েবেটিচ, গোটা শস্য, ফল, বাদাম জাতীয় বস্তু আৰু বীজ আদিজাতীয় খাদ্যৰ কম ব্যৱহাৰ কৰা লোকৰ মাজত মৃত্যুৰ এক প্ৰধান কাৰণ আছিল। গোটা শস্যৰ কম ব্যৱহাৰ, ২৫ ৰ পৰা ৫০ বছৰ বয়সৰ লোকৰ ক্ষেত্ৰতো মৃত্যু আৰু ডি এ এল ৱাই ৰ এক প্ৰধান আশংকাৰ কাৰণ আছিল। আনহাতে, ৭০ ৰ উৰ্ধৰ লোকৰ ক্ষেত্ৰত প্ৰধান ক্ষতিকৰ উপাদান আছিল চডিয়াম।

২০১৭ চনত পৃথিৱীৰ ২০ খন জনবহুল দেশৰ ভিতৰত ইজিপ্তত খাদ্য জড়িত মৃত্যুৰ হাৰ আটাইতকৈ বেছি আৰু জাপানত আটাইতকৈ কম আছিল। খাদ্য জড়িত কাৰ্ডিও ভাস্কুলাৰ ৰোগ আৰু কেন্সাৰৰ ফলত হোৱা মৃত্যুৰ হাৰ চীনত সৰ্বাধিক আৰু টাইপ ২ ডায়েবেটিচৰ ফলত হোৱা মৃত্যুৰ হাৰ মেক্সিকোত সৰ্বাধিক আছিল।

২০১৭ চনত খাদ্যৰ কাৰণে হব পৰা, বয়স মানকীকৃত প্ৰত্যেক ১০০০০০ মানুহৰ মাজত মৃত্যুৰ হাৰ (A) আৰু প্ৰত্যেক ১০০০০০ মানুহৰ মাজত ডি এ এল ৱাই ৰ হাৰ (B), (ছবিৰ উৎস)

স্বাস্থ্যকৰ খাদ্যৰ লগত জড়িত বেছিভাগ বিতৰ্ক চডিয়াম, চেনী আৰু চৰ্বিৰ ওপৰতে দৃষ্টিবদ্ধ হৈ থকাৰ বিপৰীতে আন বহু কাৰক বিপদৰ কাৰণ হিচাপে চিহ্নিত হৈছে। “আমাৰ অধ্যয়নে প্ৰমাণ কৰে যে খাদ্য জড়িত ক্ষতিৰ প্ৰধান কাৰক সমূহ হৈছে অধিক চডিয়াম যুক্ত খাদ্য, কম গোটা শস্য, কম পৰিমানৰ ফল, বাদামজাতীয় খাদ্য আৰু বীজ, কম পাচলি আৰু কম ওমেগা ৩ ফেটি এচিডৰ ব্যৱহাৰ; ইহঁতৰ প্ৰত্যেকেই বিশ্বৰ প্ৰায় ২% তকৈও অধিক মৃত্যুৰ কাৰক হ’ব পাৰে”, গৱেষক সকলে জনায়। গৱেষণাটোৰ ফলাফল সমূহে এই খাদ্য সমূহৰ উৎপাদন, বিতৰণ আৰু ব্যৱহাৰৰ বাবে উচিত ব্যৱস্থা লোৱাৰ প্ৰয়োজনীয়তাৰ কথা প্ৰমাণ কৰিছে।

অৱশ্যে এই সকলোবোৰ ইমান সহজ নহয়। গোটেই বিশ্বৰ বাসিন্দা সকলৰ মাজত থকা ভিন্নতাৰ দৰে তেওঁলোকৰ খাদ্যাভ্যাসো বেলেগ বেলেগ। খাদ্যাভ্যাসৰ জটিলতা আৰু আহাৰৰ ওপৰত বিভিন্ন কাৰকৰ প্ৰভাৱৰ প্ৰতি লক্ষ্য ৰাখি,  খাদ্যাভ্যাসৰ উন্নীত কৰণৰ বাবে খাদ্য প্ৰণালীৰ লগত জড়িত বিভিন্ন দিশৰ লোকৰ সক্ৰিয় সহযোগিতা আৰু উচিত নীতিৰ প্ৰয়োজন” গৱেষক সকলে কয়।

Assamese

Recent Stories

Authored by
মানুহৰ দেহলৈ বিয়পিব পৰা ফিলোভাইৰাছ কঢ়িয়াই উত্তৰ পূৰ্বাঞ্চলৰ কিছুমান বাদুলিৰ প্ৰজাতিয়ে

প্ৰতি বছৰে অক্টোবৰ মাহৰ মাজ ভাগত নাগালেণ্ডৰ ব’মৰ (Bomrr) নামৰ  জাতি এটাৰ লোক সকল মিমি গাওঁত থকা গুহা সমূহত একত্ৰিত হয়। বছৰেকীয়া এই বাদুলি চিকাৰৰ উৎসৱত প্ৰায় ৭০০০ ৰ পৰা ২৫০০০ টা বাদুলি হত্যা কৰা হয়। এই জাতিটোৰ লোক সকলে বিশ্বাস কৰে যে এই বাদুলিসমূহৰ কিছুমান ঔষধিক গুণ আছে যিয়ে ডায়েৰীয়া, দেহৰ বিষ ইত্যাদি নিৰ্মূল কৰিব পাৰে আৰু শক্তি বৃদ্ধি কৰে। কিন্তু এক শেহতীয়া অধ্যয়নৰ মতে ৰোগৰ উপশমত সহায় কৰাৰ সলনি বাদুলি সমূহে ভয়ানক ফিলোভাইৰাছহে কঢ়িয়াই যিবোৰ মানুহৰ দেহলৈকো সংক্ৰমিত হ’ব পাৰে।

Authored by
উচ্চ ৰক্তচাপ আৰু বায়ু প্ৰদূষণৰ লগত ইয়াৰ সম্পৰ্ক

আপুনি জানেনে যে পৃথিৱীত মানুহৰ মৃত্যুৰ মুখ্য কাৰণ যুদ্ধ বা দুৰ্ভিক্ষ নহয়, হৃদৰোগ সমূহহে। এই ঘাটক সমূহৰ কাৰক বোৰৰ বিষয়ে এতিয়াও সম্পূৰ্ণকৈ জনা হোৱা নাই। গৱেষক সকলৰ মতে ইয়াৰ কাৰণ সমূহ হৈছে জিনীয় কাৰক, জীৱন শৈলীৰ পৰিবৰ্তন, খাদ্য, আৰু পাৰিবেশিক কাৰণ যেনে বায়ু প্ৰদূষণ ইত্যাদি। যোৱা কিছু বছৰত উচ্চ ৰক্তচাপ আদি  হৃদৰোগৰ কাৰকৰ ভূক্তভোগীৰ সংখ্যা বাঢ়িছে। দুখীয়া আৰু মধ্যবিত্ত দেশৰ লোক সমূহে ইয়াৰ ফলত বেছি কষ্ট ভোগ কৰিবলগীয়া হৈছে। ২০১৫ চনত উচ্চ ৰক্তচাপত ভূগি থকা ১.১ বিলিয়ন প্ৰাপ্ত বয়স্ক লোকৰ প্ৰায় ৪৪% দক্ষিণ আৰু পূৱ এছিয়াৰ আৰু ১৮% ভাৰতৰ বাসিন্দা আছিল।

Authored by
ভাৰতত ভয়াবহ ৰূপ ধাৰণ কৰিছে এন্টিবায়’টিক প্ৰতিৰোধৰ সমস্যাই

বেক্টেৰিয়াৰ আক্ৰমণ প্ৰতিহত কৰিবলৈ ব্যৱহৃত হোৱা এন্টিবায়’টিক  সমূহে ১৯২৮ চনত ইয়াৰ প্ৰথম আৱিস্কাৰৰ পাছৰে পৰা বেক্টেৰিয়াজনিত ৰোগৰ চিকিৎসাত উল্লেখযোগ্য অৱদান আগবঢ়াই আহিছে। কিন্তু বৰ্তমান সময়ত এই এন্টিবায়’টিক সমূহৰ ক্ৰিয়াক প্ৰতিৰোধ কৰাৰ ক্ষমতা থকা কিছুমান বেক্টেৰিয়া এক ডাঙৰ সমস্যা হৈ পৰিছে। এন্টিবায়’টিক প্ৰতিৰোধী এই বেক্টেৰিয়া সমূহৰ চিকিৎসা দীঘলীয়া আৰু খৰছী হোৱাৰ উপৰিও ইয়াৰ ফলত বহু লোক মৃত্যু মুখত পৰে। এন্টিবায়’টিক প্ৰতিৰোধৰ বাবে ২০৫০ চনৰ ভিতৰত বিশ্বত বছৰি প্ৰায় ১০ মিলিয়ন লোকৰ মৃত্যু হ’ব পাৰে বুলি অনুমান কৰা হৈছে। এন্টিবায়’টিকৰ অসাৱধান আৰু অত্যাধিক ব্যৱহাৰৰ ফলত

Authored by
Lockeia gigantus trace fossils found from Fort Member. Credit: Authors

ಜೈ ನಾರಾಯಣ್ ವ್ಯಾಸ್ ವಿಶ್ವವಿದ್ಯಾಲಯದ ಸಂಶೋಧಕರು ಜೈಸಲ್ಮೇರ್ ನಗರದ ಬಳಿಯ ಜೈಸಲ್ಮೇರ್ ರಚನೆಯಲ್ಲಿ ಲಾಕಿಯಾ ಜೈಗ್ಯಾಂಟಸ್ ಪಳೆಯುಳಿಕೆಗಳನ್ನು ಕಂಡುಹಿಡಿದಿದ್ದಾರೆ. ಇದು ಭಾರತದಿಂದ ಇಂತಹ ಪಳೆಯುಳಿಕೆಗಳ ಮೊದಲ ದಾಖಲೆ ಮಾತ್ರವಲ್ಲ, ಇದುವರೆಗೆ ಪತ್ತೆಯಾದ ಅತಿದೊಡ್ಡ ಲಾಕಿಯಾ ಕುರುಹುಗಳು.

Authored by
ಇಂಡೋ-ಬರ್ಮೀಸ್ ಪ್ಯಾಂಗೊಲಿನ್ (ಮನಿಸ್ ಇಂಡೋಬರ್ಮಾನಿಕಾ). ಕೃಪೆ: ವಾಂಗ್ಮೋ, ಎಲ್.ಕೆ., ಘೋಷ್, ಎ., ಡೋಲ್ಕರ್, ಎಸ್. ಮತ್ತು ಇತರರು.

ಕಳ್ಳತನದಿಂದ ಸಾಗಾಟವಾಗುತ್ತಿದ್ದ ಹಲವು ಪ್ರಾಣಿಗಳ ನಡುವೆ ಪ್ಯಾಂಗೋಲಿನ್ ನ ಹೊಸ ಪ್ರಭೇದವನ್ನು ಪತ್ತೆ ಮಾಡಲಾಗಿದೆ.

Authored by
ಸ್ಪರ್ಶರಹಿತ ಬೆರಳಚ್ಚು ಸಂವೇದಕದ ಪ್ರಾತಿನಿಧಿಕ ಚಿತ್ರ

ಸಾಧಾರಣವಾಗಿ, ಫೋನ್ ಅನ್ನು ಅನ್ಲಾಕ್ ಮಾಡುವಾಗ ಅಥವಾ ಕಛೇರಿಯಲ್ಲಿ ಬಯೋಮೆಟ್ರಿಕ್ ಸ್ಕ್ಯಾನರುಗಳನ್ನು ಬಳಸುವಾಗ, ನಿಮ್ಮ ಬೆರಳನ್ನು ಸ್ಕ್ಯಾನರಿನ ಮೇಲ್ಮೈಗೆ ಒತ್ತ ಬೇಕಾಗುತ್ತದೆ. ಬೆರಳಚ್ಚುಗಳನ್ನು ಸೆರೆಹಿಡಿಯುವುದು ಹೀಗೆ. ಆದರೆ, ಹೊಸ ಸಂಶೋಧನೆಯೊಂದು ಈ ಪ್ರಕ್ರಿಯೆಯನ್ನು ಇನ್ನಷ್ಟು ಸ್ವಚ್ಛ, ಸುಲಭ ಮತ್ತು ಹೆಚ್ಚು ನಿಖರವಾಗಿಸುವ ವಿಧಾನವನ್ನು ರೂಪಿಸಿದೆ. ಸಾಧನವನ್ನು ಮುಟ್ಟದೆಯೇ ಬೆರಳಚ್ಚನ್ನು ಸಂಗ್ರಹಿಸುವ ಮಾರ್ಗವನ್ನು ಹುಡುಕಿದೆ.

Authored by
ಮೈಕ್ರೋಸಾಫ್ಟ್ ಡಿಸೈನರ್ ನ ಇಮೇಜ್ ಕ್ರಿಯೇಟರ್ ಬಳಸಿ ಚಿತ್ರ ರಚಿಸಲಾಗಿದೆ

ಐಐಟಿ ಬಾಂಬೆಯ ಸಂಶೋಧಕರು ಶಾಕ್‌ವೇವ್-ಆಧಾರಿತ ಸೂಜಿ-ಮುಕ್ತ ಸಿರಿಂಜ್ ಅನ್ನು ಅಭಿವೃದ್ಧಿಪಡಿಸಿದ್ದಾರೆ. ಈ ಮೂಲಕ ಸೂಜಿಗಳಿಲ್ಲದೆ ಔಷಧಿಗಳನ್ನು ಪೂರೈಸುವ ಮಾರ್ಗವನ್ನು ಕಂಡುಹಿಡಿದಿದ್ದಾರೆ.

Authored by
ಅತ್ಯಂತ ಪ್ರಾಚೀನ ವಸ್ತುವಿನ ಅಧ್ಯಯನ

ಹಯಾಬುಸಾ ಎಂದರೆ ವೇಗವಾಗಿ ಚಲಿಸುವ ಜಪಾನೀ ಬೈಕ್ ನೆನಪಿಗೆ ತಕ್ಷಣ ಬರುವುದು ಅಲ್ಲವೇ? ಆದರೆ ಜಪಾನಿನ ಬಾಹ್ಯಾಕಾಶ ಸಂಸ್ಥೆ - (ಜಾಕ್ಸ, JAXA) ತನ್ನ ಒಂದು ನೌಕೆಯ ಹೆಸರು ಹಯಾಬುಸಾ 2 ಎಂದು ಇಟ್ಟಿದ್ದಾರೆ. ಈ ನೌಕೆಯನ್ನು ಜಪಾನಿನ ಬಾಹ್ಯಾಕಾಶ ಸಂಸ್ಥೆ ಸೌರವ್ಯೂಹದಾದ್ಯಂತ ಸಂಚರಿಸಿ ರುಯ್ಗು (Ryugu) ಕ್ಷುದ್ರಗ್ರಹವನ್ನು ಸಂಪರ್ಕ ಸಾಧಿಸುವ ಉದ್ದೇಶದಿಂದ  ಡಿಸೆಂಬರ್ 2014 ರಲ್ಲಿ ಉಡಾವಣೆ ಮಾಡಿತ್ತು. ಇದು ಸುಮಾರು ಮೂವತ್ತು ಕೋಟಿ (300 ಮಿಲಿಯನ್) ಕಿಲೋಮೀಟರ್ ದೂರ ಪ್ರಯಾಣಿಸಿ 2018 ರಲ್ಲಿ ರುಯ್ಗು ಕ್ಷುದ್ರಗ್ರಹವನ್ನು ಸ್ಪರ್ಶಿಸಿತ್ತು. ಅಲ್ಲಿಯೇ ಕೆಲ ತಿಂಗಳು ಇದ್ದು ಮಾಹಿತಿ ಮತ್ತು ವಸ್ತು ಸಂಗ್ರಹಣೆ ಮಾಡಿ, 2020 ಯಲ್ಲಿ ಯಶಸ್ವಿಯಾಗಿ ಹಿಂತಿರುಗಿತ್ತು.

Authored by
ಕಾಂಕ್ರೀಟ್‌ ಪರೀಕ್ಷೆಗೆ ಪ್ರೋಬ್‌

ಕಾಂಕ್ರೀಟ್‌ನಲ್ಲಿ ಹುದುಗಿರುವ ರೆಬಾರ್‌ಗಳಲ್ಲಿನ ತುಕ್ಕು ಪ್ರಮಾಣವನ್ನು ಮಾಪಿಸಲು ವಿಜ್ಞಾನಿಗಳು ಒಂದು ಹೊಸ ತಪಾಸಕವನ್ನು ಅಭಿವೃದ್ಧಿಪಡಿಸಿದ್ದಾರೆ.

Authored by
‘ದ್ವಿಪಾತ್ರ’ದಲ್ಲಿ ಮೈಕ್ರೋ ಆರ್‌ಎನ್‌ಎ

ವೈರಲ್ ಸೋಂಕುಗಳು ಮತ್ತು ಸ್ವಯಂ ನಿರೋಧಕ ಕಾಯಿಲೆಗಳಲ್ಲಿ ಮೈಕ್ರೋ ಆರ್‌ಎನ್‌ಎ ‘ದ್ವಿಪಾತ್ರ’ದಲ್ಲಿ ಕೆಲಸ ಮಾಡುತ್ತದೆ. 

Authored by
ರೀಚಾರ್ಜ್ ಮಾಡಬಹುದಾದ ಬ್ಯಾಟರಿಗಳು

ಐಐಟಿ ಬಾಂಬೆ ಯ ಬ್ಯಾಟರಿ ಪ್ರೋಟೋಟೈಪಿಂಗ್ ಲ್ಯಾಬ್ ನ ಸಂಶೋಧಕರು ಇಂಧನ (ಶಕ್ತಿ) ಶೇಖರಣಾ ಸಾಧನವಾಗಿರುವ ರೀಚಾರ್ಜ್ ಮಾಡಬಹುದಾದ ಬ್ಯಾಟರಿಗಳ ಬಗ್ಗೆ ಅಧ್ಯಯನ ನಡೆಸುತ್ತಿದ್ದಾರೆ. 

Loading content ...
Loading content ...
Loading content ...
Loading content ...
Loading content ...